• Home
  • »
  • News
  • »
  • assam
  • »
  • জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত দুজন লোকক আটক, মঙলদৈৰ পৰা আটক কৰে দিছপুৰ আৰক্ষীয়ে

জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত দুজন লোকক আটক, মঙলদৈৰ পৰা আটক কৰে দিছপুৰ আৰক্ষীয়ে

কুহিৰাম ডেকাৰ বিৰুদ্ধে বিভাগটোৰ নিযুক্তিৰ লগত জড়িত থকাৰ অভিযোগ আছিল। মঙলদৈৰ পৰা আটক কৰাৰ পিছতে দিছপুৰ থানালৈ অনা হয় দুয়োজনকে।

  • Share this:
জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত মঙলদৈৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুজনকৈ লোকক। কুহিৰাম ডেকা আৰু আন এজন লোককো সোধা–পোছাৰ বাবে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। ধৃত কুহিৰাম ডেকা জলসম্পদ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

কুহিৰাম ডেকাৰ বিৰুদ্ধে বিভাগটোৰ নিযুক্তিৰ লগত জড়িত থকাৰ অভিযোগ আছিল। মঙলদৈৰ পৰা আটক কৰাৰ পিছতে দিছপুৰ থানালৈ অনা হয় দুয়োজনকে। কুহিৰাম ডেকা দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল। মঙলদৈৰ কলাইগাঁৱৰ পৰা আটক কৰে কুহিৰাম ডেকাক।

আনহাতে, গুৱাহাটীত গ্ৰেপ্তাৰ কৰা ৭জনীয়া দালালৰ ৪টাক প্ৰেৰণ কৰা হৈছে জে’ললৈ। ইয়াৰ বিপৰীতে আন তিনি দালালক নিজৰ জিম্মাত লৈ দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে জয়ন্ত দাস, চিৰাজুল, প্ৰাঞ্জল বৰ্মনক।

অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে আজিজুৰ ৰহমান, ৰফিকুল হুছেইন। পলাতক আজিজুৰৰ নিৰ্দেশতে চাকৰি প্ৰদানৰ দালালী কৰিছিল বুলি কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি দিছে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা তিনি দালালে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি