নগাঁৱৰ ৰূপহীহাটত সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় দুই দুৰ্ধৰ্ষ ডকাইত। সোমবাৰে নিশা ৰূপহীহাটত আৰক্ষীৰ দুটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইত দুটাক।
ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰয়ৰ নেতৃত্বত গুণাবাৰীত আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ জামালউদ্দিন নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰে। জামালৰ পৰা আৰক্ষীয়ে পইণ্ট ৬.৩৫ এম এম পিষ্টল আৰু ২ জাই সজীৱ গুলী উদ্ধাৰ কৰে।
ইপিনে ৰূপহীহাট আৰক্ষীৰে আন এটা দলে শিঙিমাৰীত অভিযান চলাই জহিৰুল ইছলাম নামৰ আন এটা ডকাইতক গ্ৰেপ্তাৰ কৰে। এই অভিযান চলাই থকাৰ সময়তে মটৰ চাইকেল লৈ যোৱা এজন নিৰীহ যুৱক আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয়।
জানিব পৰা মতে, ৰাজিবুল ইছলাম নামৰ এজন যুৱকে মটৰ চাইকেলেৰে ৰূপহীৰ পৰা শালপাৰালৈ গৈ থকা অৱস্থাত আৰক্ষীৰ এটা দলে তেওঁক ৰ'বলৈ নিৰ্দেশ দিয়ে যদিও তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে। আৰক্ষীৰ দলটোৱে সন্দেহবশতঃ তেওঁলৈ গুলীচালনা কৰাত তেওঁৰ ভৰিত গুলী লাগে। পিছত তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|