உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নগাঁৱৰ ৰাঙলুত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ, জব্দ বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

    নগাঁৱৰ ৰাঙলুত পিষ্টলসহ দুজনক গ্ৰেপ্তাৰ, জব্দ বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী

    তেওঁলোকৰ হাতৰ পৰা এটা পিষ্টল, নটা সজীৱ গুলী, এটা মেগজিন, বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ নিচাযুক্ত ঔষধ আৰক্ষীয়ে জব্দ কৰে৷

    • Share this:
    নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি জিলাখনৰ ৰাঙলুৰ পৰা যোৱানিশা বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এটা পইণ্ট ৩২ পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়৷ আজি নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদমেলযোগে এই কথা সদৰি কৰি নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই কয় যে এই সন্দৰ্ভত ফইজুল ইছলাম আৰু ছিদ্দিক আলী নামৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে৷

    তেওঁলোকৰ হাতৰ পৰা এটা পিষ্টল, নটা সজীৱ গুলী, এটা মেগজিন, বুজন পৰিমাণৰ সন্দেহজনক হেৰ’ইনসহ নিচাযুক্ত ঔষধ আৰক্ষীয়ে জব্দ কৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনোৱা মতে, এই লোক দুজনে পিষ্টলৰে বিভিন্নজনক ভয় ভাবুকি প্ৰদান কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছিল৷

    তদুপৰি তেওঁলোকে জিলাখনৰ বিভিন্ন ঠাইত নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলায় আহিছিল। আৰক্ষীয়ে দুয়োজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    Published by:Sanjay Kumar Das
    First published: