உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Dhubri Encounter : এইবাৰ গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা, ধুবুৰীত গুলীবিদ্ধ দুজন

    Dhubri Encounter : এইবাৰ গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা, ধুবুৰীত গুলীবিদ্ধ দুজন

    আহত দুই সহযোগীক এৰি থৈ নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন কেইজন সৰবৰাহকাৰী।

    আহত দুই সহযোগীক এৰি থৈ নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন কেইজন সৰবৰাহকাৰী।

    আহত দুই সহযোগীক এৰি থৈ নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন কেইজন সৰবৰাহকাৰী।

    • Share this:
    ব্ৰহ্মপুত্ৰৰ বুকুৰে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ এক অভিযানত নিশা দুজনকৈ গৰুৰ চোৰাং সৰবৰাহকাৰী গুলীবিদ্ধ। আৰক্ষীৰ অভিযানত উদ্ধাৰ এখন নাওসহ দহটাকৈ গৰু–ম’হ। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাবে সদৰি কৰিছে এই তথ্য। গোপন এক তথ্যৰ ভিত্তিত ধুবুৰী-গোৱালপাৰা আৰু দক্ষিণ শালমাৰা সীমান্তৰ চালবান্দা চৰাঞ্চলত নাৱেৰে  নিশাৰে পৰা অভিযান চলাইছিল ধুবুৰী আৰক্ষীৰ এটা দলে। অভিযানকাৰী আৰক্ষীয়ে গৰুৰ সৰবৰাহকাৰী দল এটাক দেখি ৰ’বলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি নিজৰ নাওখন লৈ পলাবলৈ চেষ্টা চলায় গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজনে। পলাবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত দুজনকৈ সৰবৰাহকাৰী গুলীবিদ্ধ হয়।

    আনহাতে, আহত দুই সহযোগীক এৰি থৈ নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন কেইজন সৰবৰাহকাৰী। বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ৰফিক চান্দ আৰু ফকিৰ চান্দ নামৰ গৰুৰ  চোৰাং সৰবৰাহকাৰী দুজন। দুয়োৰে ঘৰ ধুবুৰী সদৰ থানাৰ অন্তৰ্গত কাতলামাৰীত।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: