উক্ত দুটা পৰিয়ালৰ মাজত গৰু আৰু ছাগলীয়ে খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল কাজিয়া৷
উক্ত দুটা পৰিয়ালৰ মাজত গৰু আৰু ছাগলীয়ে খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল কাজিয়া৷
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেৰাভাঙা চৰত লোমহৰ্ষক ঘটনা। ছাগলীয়ে খেতি নষ্ট কৰাৰ প্ৰতিশোধত দুটি শিশুক হত্যা। বৃহস্পতিবাৰে বিয়লি সংঘটিত উক্ত ঘটনাৰ পিছৰ পৰাই সমগ্ৰ অঞ্চলজুৰি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে।
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দক্ষিণ শালমাৰা-মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী সুখচৰ বেৰাভাঙা চৰত একেটা পৰিয়ালৰ দুই ভাই–ককায়ে ডিঙি চেপি দুটি শিশুক হত্যা কৰি নদীত দলিয়াই দিয়াৰ অভিযোগ উৎথাপিত হৈছে। উল্লেখযোগ্য যে উক্ত দুটা পৰিয়ালৰ মাজত গৰু আৰু ছাগলীয়ে খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল কাজিয়া৷
উক্ত কাজিয়াৰ চৰম পৰিণতিত আলিউল ইছলাম, ছইদুৰ ইছলাম আৰু আঞ্জুআৰা বেগমে মিলি শিশু দুটাক হত্যা কৰি নৈত পেলাই দিয়ে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।
এই ঘটনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ঘটনাস্থলীত শুখচৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। আৰক্ষী অহাৰ পূৰ্বেই অভিযুক্ত ছাইদুৰ ইছলাম নামৰ লোকজনৰ ঘৰত থকা মটৰ চাইকেলত অগ্নিসংযোগ কৰে উত্তেজিত ৰাইজে৷ উল্লেখযোগ্য যে সুখচৰৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা বেৰাভাঙা চৰত সংঘটিত হৈছে এই ঘটনা৷
ইপিনে, ঘটনা সংঘটিত হোৱাৰ কেইবাঘণ্টা অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত স্থানীয় ৰাইজৰ লগতে দল–সংগঠন ক্ষুব্ধ হৈ পৰে। উল্লেখযোগ্য যে মৃত শিশু দুটিৰ বয়স দহ আৰু বাৰ বছৰ আছিল বুলি জানিব পৰা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|