তিনিচুকীয়াৰ লেখাপানীত ঘৰৰ কাষতে খেলি থকাৰ পৰাই দুই কণমানি সন্ধানহীন

News18 Assam | News18-Assam
Updated:October 19, 2020, 8:28 AM IST
তিনিচুকীয়াৰ লেখাপানীত ঘৰৰ কাষতে খেলি থকাৰ পৰাই দুই কণমানি সন্ধানহীন
শিশু দুটি একেলগে নিৰুদ্দেশ হোৱা ঘটনাত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।

শিশু দুটি একেলগে নিৰুদ্দেশ হোৱা ঘটনাত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত।

  • Share this:
তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খৰাংকং গাঁৱৰ দুটি শিশু নিৰুদ্দেশ। দেওবাৰে দুপৰীয়া ঘৰৰ কাষতে খেলি থকা অৱস্থাত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা শিশুদুটি ক্ৰমে দেৱজিত শইকীয়াৰ পুত্ৰ ৭ বছৰীয়া কপিল শইকীয়া আৰু কৃষ্ণ কান্ত সন্দিকৈৰ (বুবুল) ৮ বছৰীয়া পুত্ৰ বিতোপন সন্দিকৈ ওৰফে বিপ্লৱ।

শিশু দুটি একেলগে নিৰুদ্দেশ হোৱা ঘটনাত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। পৰিয়ালৰ লোকে লেখাপানী আৰক্ষী থানাত শিশু দুটাৰ নিৰুদ্দেশক লৈ এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অুসন্ধান আৰম্ভ কৰিছে। স্থানীয় ৰাইজেও শিশু দুটিৰ বিচাৰ–খোচাৰ অ‍ব্যাহত ৰাখিছে।

বৰ্তমানলৈকে শিশু দুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই শিশু দুটিক প্ৰত্যক্ষ কৰে তেন্তে শীঘ্ৰে স্থানীয় আৰক্ষী থানা অথবা 9101656963  নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
Published by: Sanjay Kumar Das
First published: October 19, 2020, 8:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি