উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত হাপাছৰাত দুই শিশুৰ কৰুণ মৃত্যুৰ বাতৰিত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷ জানিব পৰা মতে দুই সম্পৰ্কীয় ভাই-ভনীয়ে খেলি থকা সময়তে পথৰ দাতিত থকা গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি লয় ৷ নিহত শিশু দুটি স্থানীয় মহিবুৰ ৰহমানৰ ৫ বছৰীয়া পুত্ৰ ৰেহান ৰহমান ওৰফে মাচুম আৰু মামোন আলীৰ কন্যা ৭ বছৰীয়া মেহমীম নাজমিন ওৰফে মিমি ৷
মহিবুৰ ৰহমান আৰু মামোন আলী দুই ভাই-ককাই ৷ অইন দিনাৰ দৰেই দুয়ো শিশুৱে খেলি থকাৰ সময়তে সন্ধানহীন হৈ পৰে ৷ পিছত পৰিয়ালৰ লোকে ঘৰৰ কাষতে ছহিদুল ইছলাম নামৰ লোক এজনে খান্দি থোৱা গাঁতত এজনৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় লোকে গাঁতত নামি বিচাৰ খোচাৰ কৰাত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়৷
ইফালে পথৰ দাতিত লোকজনে বিপদজনকভাৱে জেচিবি আদিৰে দ গাঁত খন্দাক কেন্দ্ৰ কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|