মৃত জানমনি ডেকা ৰজাৰ বয়স ১১ বছৰ আৰু কুশ ডেকাৰজাৰ বয়স আছিল ৬ বছৰ। আন এগৰাকী কন্যা কল্যাণী ডেকাৰজা বৰ্তমানেও সন্ধানহীন।
মৃত জানমনি ডেকা ৰজাৰ বয়স ১১ বছৰ আৰু কুশ ডেকাৰজাৰ বয়স আছিল ৬ বছৰ। আন এগৰাকী কন্যা কল্যাণী ডেকাৰজা বৰ্তমানেও সন্ধানহীন।
নগাঁও জিলাৰ কচুৱাৰ শংকৰপুৰত শুকুৰবাৰে সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। শুকুৰবাৰে দুটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত শিশু দুটি সমন্ধত ভাতৃ-ভগ্নী আছিল ।
জানিব পৰামতে শুকুৰবাৰে বিয়লি কচুৱাৰ শংকৰপুৰৰ ৰাম ডেকাৰজাৰ পুত্ৰ-কন্য়া কুশ ডেকাৰজা আৰু জানমনি ডেকাৰজাই খৰি আনিবলৈ গৈছিল। শিশু দুটা বহু দেৰি উভতি নহাত স্থানীয় ৰাইজে বিচাৰ-খোচাৰ কৰে। পিছত দুয়ো ভাতৃ-ভগ্নীৰ মৃতদেহ সোণাৰী সুতিৰ পৰা উদ্ধাৰ কৰা হয়। কি পৰিস্থিতিত শিশু দুটি সোণাৰী সুতিত পৰিল জানিব পৰা হোৱা নাই।
মৃত জানমনি ডেকা ৰজাৰ বয়স ১১ বছৰ আৰু কুশ ডেকাৰজাৰ বয়স আছিল ৬ বছৰ। আনহাতে খৰি বিচাৰি যোৱা ৰাম ডেকাৰজাৰ আন এগৰাকী কন্যা কল্যাণী ডেকাৰজা বৰ্তমানেও সন্ধানহীন হৈ আছে। এই ঘটনাই অঞ্চল জুৰি এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|