বাঢ়নী পানীত পৰি কামপুৰত পুনৰ দুটি শিশুৰ মৃত্যু৷ কচুৱা চানখোলাত সংঘটিত হৈছে এই কৰুণ ঘটনা৷ একে গাঁৱৰে দুটি শিশুৰ মৃত্যু৷ সমনীয়াৰ লগতে খেলি থকাৰ মাজতে বাঢ়নী পানীত পৰি যায় শিশু দুটি৷ শিশু দুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যু হোৱা শিশু দুটি জোনাইত আলম(৩) আৰু চাইমা খাতুন(৮)। কামপুৰত বানত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 27, 2022, 22:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।