নগাঁও চহৰৰ সমীপৱৰ্তী ভকতগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। আজি বিয়লি গাঁওখনৰ এটি পুখুৰীত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় দুটিকৈ দেৱশিশুৰ মৃতদেহ। জানিব পৰা মতে, আছিকা বেগম (৪) আৰু আছফিয়া বেগম (৫) নামৰ দুটি শিশুৱে দুপৰীয়া পুখুৰীৰ পাৰত খেলি আছিল। সেই সময়তে শিশু দুটি দুৰ্ভাগ্যক্ৰমে পুখুৰীত পিছলি পৰাত দুয়োৰে সলিল সমাধি ঘটে।
জানিব পৰা মতে, শিশু দুটিৰ পিতৃ চিকিৎসাৰ বাবে পাটনালৈ গৈছিল আৰু মাতৃ ঘৰুৱা কামত ব্যস্ত হৈ আছিল। চোতালত খেলি থকা শিশু দুটিৰ বহু সময় ধৰি কোনো খবৰ নোপোৱাৰ ফলত মাতৃয়ে বিচাৰ-খোচাৰ কৰোঁতেই দুয়োকে পুখুৰীত ওপঙি থকা অৱস্থাত দেখা পায় চিঞৰ-বাখৰ কৰে। ইয়াৰ পিছতে স্থানীয় ৰাইজ গোট খাই শিশু দুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।
দুই শিশুৰ মৃত্যুত শোকত ভাগি পৰে শিশু দুটিৰ পৰিয়ালৰ লোক। এই ঘটনাই সমগ্ৰ অঞ্চলটিতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|