পৰীক্ষা দিবলৈ গৈ ঘূৰি নাহিল জ্যোতিশ্ময়–মনজিৎ, কলিয়াবৰত দুৰ্ঘটনা নিহত দুই কণমানি

পৰীক্ষা দি ঘৰলৈ আহি থকাৰ পথতে দুৰ্ঘটনাত নিহত হয় কণমানি দুটি।

news18assam
Updated:June 14, 2019, 5:04 PM IST
পৰীক্ষা দিবলৈ গৈ ঘূৰি নাহিল জ্যোতিশ্ময়–মনজিৎ, কলিয়াবৰত দুৰ্ঘটনা নিহত দুই কণমানি
পৰীক্ষা দি ঘৰলৈ আহি থকাৰ পথতে দুৰ্ঘটনাত নিহত হয় কণমানি দুটি।
news18assam
Updated: June 14, 2019, 5:04 PM IST
কলিয়াবৰৰ বৰালিগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় দুই কণমানি ছাত্ৰ। নগাঁও অভিমুখী এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় প্ৰথম শ্ৰেণীৰ ছাত্ৰ জ্যোতিশ্ময় চব্বৰ আৰু মনজিৎ দাস। বৰালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল দুয়োটা শিশু। পৰীক্ষা দি ঘৰলৈ আহি থকাৰ পথতে দুৰ্ঘটনাত নিহত হয় কণমানি দুটি। দুৰ্ঘটনাৰ পিছতে গাড়ীসহ চালকে পলায়ন কৰিছিল যদিও চামগুৰিত জব্দ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে ফ’ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাৰাশাস্তি ভুগি আহিছে পথচাৰীয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ খান্দি পেলোৱাৰ বাবে খোজকাঢ়ি যাবলৈও ঠাই নোহোৱা হৈছে পথচাৰীৰ বাবে। যাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত।
আৰু চাওক পৰৱৰ্তী বাতৰি