চিলনী চোৰৰ সৈতে জড়িত বেণু দাস নামৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীকো আৰক্ষীয়ে আটক কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে সোণৰ চেইনৰ লগতে ঘটনাত ব্যৱহৃত বাইক আৰু নগদ দুই হাজাৰ টকা জব্দ কৰে৷
চিলনী চোৰৰ সৈতে জড়িত বেণু দাস নামৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীকো আৰক্ষীয়ে আটক কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে সোণৰ চেইনৰ লগতে ঘটনাত ব্যৱহৃত বাইক আৰু নগদ দুই হাজাৰ টকা জব্দ কৰে৷
বঙাইগাঁৱত আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই চিলনী চোৰ৷ ধৃত চিলনী চোৰ দুটা পশ্চিম বংগৰ সঞ্জু গোৱালা আৰু ৰহিত সিং৷ চুবুৰীয়া ৰাজ্যৰ চিলনী চোৰৰ দলে বঙাইগাঁৱত প্ৰৱেশ কৰি মহিলা এগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন এডাল কাঢ়ি উধাও হয়৷ ইফালে , ঘটনাৰ খবৰ পাই আৰক্ষী তৎপৰ হৈ পৰে৷ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে তৎপৰতাৰে অভিযান চলাই ঘটনা সংঘটিত হোৱাৰ প্ৰায় দুই ঘণ্টাৰ পিছতে দুই চিলনী চোৰক কৰায়ত্ত কৰে৷
ঘটনা সংঘটিত কৰি নিউ বঙাইগাঁৱৰ গেং কোৱাৰ্টাৰত আত্মগোপন কৰি থকাৰ সময়তে আৰক্ষীয়ে দুয়োকে আটক কৰে৷ ইফালে, চিলনী চোৰৰ সৈতে জড়িত বেণু দাস নামৰ জুৱেলাৰীৰ স্বত্বাধিকাৰীকো আৰক্ষীয়ে আটক কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে সোণৰ চেইনৰ লগতে ঘটনাত ব্যৱহৃত বাইক আৰু নগদ দুই হাজাৰ টকা জব্দ কৰে৷
ধৃত দুয়োকে জেৰাৰ পিছত চুবুৰীয়া ৰাজ্যখনৰ কেইবাজনীয়া গেং এটা বঙাইগাঁৱত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পিছত তৎপৰ হৈ পৰিছে আৰক্ষী৷ সম্প্ৰতি চিলনী চোৰৰ সৈতে জৰিত সকলোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|