আলফা(স্বা)ৰ ৰহস্যজনক একপক্ষীয় যুদ্ধবিৰতিৰ মাজতে নিতৌ নিষিদ্ধঘোষিত সংগঠনটোত যোগদানৰ ধুম উঠিছে৷ উজনি অসমৰ বিভিন্ন ঠাইৰ বহু যুৱক আলফাত যোগদান কৰিবলৈ আহি বিগত এটা বছৰত আৰক্ষীৰ দ্বাৰা আটকাধীন হৈ অহাৰ সময়তে আজি পুনৰ চৰাইদেউ জিলাৰ সোণাৰিত আলফাত(স্বা) (ULFA-I)ত যোগদান কৰিবলৈ অহা দুজন যুৱকক অসম ৰাইফলছৰ সেনাই আটক কৰে৷
আটকাধীন যুৱক দুজন হৈছে তিনিচুকীয়াৰ (Tinisukia) বৰডুমচাৰ বিক্ৰম মৰাণ(৩৩) আৰু গৌৰীসাগৰৰ ৰাজেশ গগৈ(২২)৷ উল্লেখ্য, নাগালেণ্ডৰ মন জিলা হৈ সংগঠনটোত যোগদানৰ বাবে অহা যুৱক দুজনে সোণাৰিত বাহৰ পাতি নগৰখনৰ ৰাজস্থান হোটেলত চাহ খাই থাকোঁতে অসম ৰাইফলছৰ জোৱানে যুৱক দুজনক আটক কৰে৷
আটকাধীন যুৱক দুজনক অসম ৰাইফলছে সোণাৰি আৰক্ষীক (Sonari Police) চমজাই দিয়ে৷ সম্প্ৰতি দুয়োজন যুৱকক সোণাৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে বিগত সময়তো আলফা(স্বা)ত যোগদান কৰিবলৈ চৰাইদেউ জিলাৰ সোণাৰিৰ নামতোলা, নাগালেণ্ডৰ মন জিলা হৈ চেষ্টা চলোৱা বহু যুৱক-যুবতীক সেনা আৰু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|