
জলপ্ৰপাতটিৰ পানীত জলকেলি কৰিবলৈ গৈ হঠাৎ সন্ধানহীন হৈ পৰে যুৱক দুজন।
জলপ্ৰপাতটিৰ পানীত জলকেলি কৰিবলৈ গৈ হঠাৎ সন্ধানহীন হৈ পৰে যুৱক দুজন।
অসমীয়া নৱবৰ্ষৰ তৃতীয় দিনটোত নগাঁৱৰ চামগুৰিত শোকাৱহ ঘটনা। লুংচুঙৰ হদহদী জলপ্ৰপাতত সলিল সমাধি দুজন যুৱকৰ। নগাঁৱৰ ঢেকাইপট্টিৰ পৰা দুপৰীয়া বাইকেৰে হদহদী জলপ্ৰপাতলৈ আহিছিল এগৰাকী যুৱতীসহ চাৰিজনকৈ যুৱক (Hadhadi Waterfalls)।
জলপ্ৰপাতটিৰ পানীত জলকেলি কৰিবলৈ গৈ হঠাৎ সন্ধানহীন হৈ পৰে যুৱক দুজন। দলটোৰ চিঞৰ-বাখৰ শুনি কিছু নিলগৰ স্থানীয় যুৱক আহি প্ৰথম অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ। চামগুৰি আৰক্ষীৰ উপস্থিতিত পিছত পুনৰ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হয় দ্বিতীয়জন যুৱকৰো মৃতদেহ।
মৃত যুৱক দুজন নগাঁৱৰ ঢেকাইপট্টিৰ ছাজাদুল ইছলাম আৰু ৰাজ বৰা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|