যোৱা ৪ অক্টোবৰ তাৰিখে লখিমপুৰ জিলাৰ লালুকত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীসহ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ ওপৰত দুজন যুৱকে কৰিছিল এচিড আক্ৰমণ। আক্ৰমণত আহত হৈছিল পৰিয়ালটোৰ শিশুসহ পাঁচগৰাকী লোক।
পৰিয়ালৰ এগৰাকী যুৱতীয়ে দুই যুৱকৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই পৰিকল্পনা কৰিছিল এচিড আক্ৰমণৰ৷ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত নাস্তিক দাস ওৰফে দেৱজিত আৰু মচিকুল হুছেইনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে লালুক আৰক্ষীয়ে। অভিযোগ অনুসৰি, দুয়োজন যুৱকে একেলগে দিছিল যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীয়ে প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যৱতীগৰাকীৰ পৰিয়োলৰ আটাইকেইগৰাকী সদস্যৰ ওপৰত দুই যুৱকে এনেদৰে লয় ভয়ংকৰ প্ৰতিশোধ।
এতিয়া দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰি থকা হৈছে। লখিমপুৰৰ আৰক্ষী অধীক্ষকে দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি স্পষ্ট কৈ জনাইছে। ইফালে পৰিয়ালৰ আটাইকেইগৰাকী সদস্য এতিয়া চিকিত্সাধীন হৈ আছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 08, 2020, 13:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।