মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসমৰ দুজনকৈ বিজেপিৰ মুখ্যমন্ত্ৰী- কংগ্ৰেছ-অগপই নুবুজিলে যাক!

অসমৰ দুজনকৈ বিজেপিৰ মুখ্যমন্ত্ৰী- কংগ্ৰেছ-অগপই নুবুজিলে যাক!

News18 Assam | News18-Assam
Updated:June 16, 2021, 4:57 PM IST
অসমৰ দুজনকৈ বিজেপিৰ মুখ্যমন্ত্ৰী- কংগ্ৰেছ-অগপই নুবুজিলে যাক!
অসমৰ দুজনকৈ বিজেপিৰ মুখ্যমন্ত্ৰী ৷ এজন আহিছিল অগপৰ পৰা আৰু আনজন কংগ্ৰেছৰ পৰা ৷ এজনক বুজি পোৱা নাছিল অগপই, এজনক কংগ্ৰেছে ৷ হয় সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথাই ক'বলৈ ওলাইছো ৷ 

অসমৰ দুজনকৈ বিজেপিৰ মুখ্যমন্ত্ৰী ৷ এজন আহিছিল অগপৰ পৰা আৰু আনজন কংগ্ৰেছৰ পৰা ৷ এজনক বুজি পোৱা নাছিল অগপই, এজনক কংগ্ৰেছে ৷ হয় সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথাই ক'বলৈ ওলাইছো ৷ 

  • Share this:
ৰাজ্যৰ দুজনকৈ মুখ্যমন্ত্ৰী, এজন হৈছে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ এজনক বুজা নাছিল আঞ্চলিক দল অসম গণ পৰিষদে আৰু আনজনক যেন বুজা নাছিল ৰাষ্ট্ৰীয় দল কংগ্ৰেছে ৷

অগপ এৰি বিজেপিত যোগদান কৰি ২০১৬ৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল সৰ্বানন্দ সোণোৱাল ৷ ঠিক একেদৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে বিসম্বাদ কৰি কংগ্ৰেছ এৰি বিজেপিলৈ অহা ড৹ হিমন্ত বিশ্ব শৰ্মাকো বিজেপিয়ে জাতত উঠাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰালে ৷

অৰুণাচলৰ পেমা খাণ্ডু আৰু মণিপুৰৰ এন.বীৰেন সিঙৰ বাহিৰে বিজেপিয়ে কোনো  প্ৰাক্তন কংগ্ৰেছীক মুখ্যমন্ত্ৰীৰ পদত বহোৱাৰ নজিৰ নাছিল । এই দুয়োখন সৰু সৰু ৰাজ্য আৰু কেন্দ্ৰত পট পৰিৱৰ্তন হোৱা মাত্ৰেই  এই ৰাজ্যবোৰত  ৰাতাৰাতি  দল পৰিৱৰ্তন কৰা তেনেই স্বাভাৱিক কথা ।

উত্তৰাখণ্ডৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী বিজয় বহুগুণা, কৰ্ণাটকৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী এছ.এম.কৃষ্ণা আদিয়ে বিজেপিত দলে-বলে যোগদান কৰাৰ পিছতো কিন্তু বিজেপিয়ে মুখ্যমন্ত্ৰিত্ব দিয়া নাছিল। সাধাৰণতে বিজেপিয়ে আন দলৰ পৰা অহা হেভিৱেট নেতাক মন্ত্ৰিত্ব  দিয়াত কাৰ্পণ্য নকৰে কিন্তু মুখ্যমন্ত্ৰিত্ব দিয়াত দ্বিধাবোধ কৰে।

বিজেপিৰ আজিৰ সিদ্ধান্তৰ পৰা ৰাজনীতিৰ পথাৰত ভবিষ্যত সন্ধান কৰি থকা অগপ -কংগ্ৰেছৰ নেতা সকল বিজেপিলৈ গমনৰ বাট পূৰ্বতকৈ অধিক সূচল হ'ল। ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ যি সিদ্ধান্ত  বিজেপিয়ে লৈছে আৰু সৰ্বানন্দ সোণোৱালক যিদৰে সৈমান কৰোৱাইছে. সেই একেই সিদ্ধান্ত যদি ৫বছৰ পূৰ্বে কংগ্ৰেছে ল'লে হেতেন, তেন্তে অসমৰ ৰাজনীতিত বিজেপিৰ এই উত্থানেই নহ'ল হেতেন।

মমতা বেনাৰ্জী কংগ্ৰেছ ৰ পৰা ওলাই আহিল, মুখ্যমন্ত্ৰী হ'ল ৷ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা ওলাই আহিল,মুখ্যমন্ত্ৰী হ'ল ৷ জগণমোহন ৰেড্ডী কংগ্ৰেছৰ পৰা ওলাই আহি মুখ্যমন্ত্ৰী হ'ল ৷ কংগ্ৰেছৰ পৰা ওলাই আঙি মুখ্যমন্ত্ৰী হ'ল এন.ৰাংগাস্বামী। এনে উদাহৰণ অলেখ।

কংগ্ৰেছে যে,  ৰত্ন বহু দেৰিকৈ চিনি পায় সেয়া স্পষ্ট ৷ ঠিক একেদৰে কংগ্ৰেছ অগপই চিনি নোপোৱা ৰত্ন বিজেপিয়ে যে চিনি পোৱাত ভুল নকৰিলে সেয়া অসমৰ দুই মুখ্যমন্ত্ৰীয়েই উচিত প্ৰমাণ কৰি দেখুৱালে।
Published by: Himangshu Bhuyan
First published: June 16, 2021, 4:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি