কিমধিকমতি! কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘৰত আক্ৰমণ চলাইছিল খোদ বিজেপি কৰ্মীয়ে, তিনিজন জালত

News18 Assam | News18-Assam
Updated:February 3, 2020, 2:46 PM IST
কিমধিকমতি! কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘৰত আক্ৰমণ চলাইছিল খোদ বিজেপি কৰ্মীয়ে, তিনিজন জালত
ৰামেশ্বৰ তেলীৰ ঘৰত আক্ৰমণ কৰি জালত পৰিল তিনিজন দুষ্কৃতিকাৰী।

ৰামেশ্বৰ তেলীৰ ঘৰত আক্ৰমণ কৰি জালত পৰিল তিনিজন দুষ্কৃতিকাৰী।

  • Share this:
যেন বেজৰ নাকতে খৰ! নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণ চলোৱাৰ অভিযোগত জালত পৰিছে শাসনাধিষ্ঠিত দলৰে কৰ্মী। খাদ্য আৰু সংশাধনৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত আক্ৰমণ কৰাৰ অভিযোগত দুজন বিজেপি কৰ্মীসহ তিনিজন যুৱকক আটক কৰে। জাতিধ্বংসী নাগৰিকত্ব সংশোধিত আইন ২০১৯ বাতিলৰ দাবীত আন্দোলনে তীব্ৰ ৰূপ লোৱাৰ সময়ত যোৱা ১১ ডিচেম্বৰৰ নিশা দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত টিপলিঙৰ তেলীৰ বাসগৃহত একাংশ লোকে আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰিছিল। এই ঘটনা সৰ্ন্দভত আৰক্ষীয়ে দুলীয়াজান থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)/১৪৭/১৪৮/১৪৯/১৫৩ এএ ৩৩৬/৩৫৩/১৮৮/৩২৬/৩০৭/৪২৭/৪৩৬ আৰ ডব্লিউ চেকচন ২৫ (১-এ) আৰ্মছ এক্ট,আৰ ডব্লিউ চেকচন ৪ পি ডি পি পি এক্টৰ অধীনত ৬২৬/২০১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল । আৰক্ষী সূত্ৰই জানিবলৈ দিয়ামতে চি চি টিভিত আৱদ্ধ ভিডিওৰ ভিত্তিত দেওবাৰে দুলীয়াজানৰ বিজেপি কৰ্মী দুজনসহ তিনিজন যুৱকক আটক কৰা হৈছে। ধৃত যুৱক তিনিজন হৈছে দুলীয়াজানৰ পুৰণাঘাট অঞ্চলৰ প্ৰয়াত জিতেন হাজৰিকাৰ পুত্ৰ দেৱজিৎ হাজৰিকা, একেটা অঞ্চলৰে প্ৰয়াত মাহুষ কাহাৰ পুত্ৰ অৰূপ কাহা আৰু দুলীয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ মেডিকেল ক'লনিৰ অঞ্চলৰ বিকি সোনাৰ। ইয়াৰে দেৱজিৎ হাজৰিকা আৰু বিকি সোনাৰ বিজেপি কৰ্মী আছিল বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে । সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে ধৃত যুৱক তিনিজনক ডিব্ৰুগড় সদৰ আৰক্ষী থানাত মাৰাথান জেৰা চলোৱাৰ পিছত ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিছে ।

(নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ প্ৰতিবেদন)
Published by: Tulika Devi
First published: February 3, 2020, 2:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading