• Home
  • »
  • News
  • »
  • assam
  • »
  • যাব লাগিছিল মেট্ৰিক পৰীক্ষা দিবলৈ, গ’ল ৰঙাঘৰলৈ, সোণাৰিত জালত পৰিল দুই বাইক চোৰ

যাব লাগিছিল মেট্ৰিক পৰীক্ষা দিবলৈ, গ’ল ৰঙাঘৰলৈ, সোণাৰিত জালত পৰিল দুই বাইক চোৰ

ইয়াৰে এটা চোৰ আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

ইয়াৰে এটা চোৰ আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

ইয়াৰে এটা চোৰ আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

  • Share this:
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ নিকটৱৰ্তী জৱকা চাহ বাগিচাৰ সমীপত স্থানীয় ৰাইজে দুটা কুখ্যাত বাইক চোৰক আটক কৰে। ঘটনাৰ বিৱৰণী মতে, সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলৰ নিবাসী ৰাজু নেৱাৰৰ AS04 S 2304 নম্বৰৰ বাজাজ পালচাৰ বাইকখন আজি পুৱা কোনো দুৰ্বৃত্তই ঘৰৰ পৰা চুৰি কৰি নিয়ে। ৰাজু নেৱাৰে ঘটনাৰ সন্দৰ্ভত অসম–নগালেণ্ডৰ সীমান্তৰ নামতোলা আৰক্ষী থানাত অৱগত কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে বাইকখনৰ সন্ধানত ওচৰে–পাজৰে অভিযান চলাই থাকোতে ৰাজুৰ চুৰি হোৱা বাইকখন দুই যুৱকে সোণাৰি নগৰ ফালৰ পৰা নগালেণ্ডৰ ফালে চলাই গৈ থকা অৱস্থাত ৰাইজে খেদি খেদি গৈ যুৱকদ্বয়ক আটক কৰি বাইকখনৰ সৈতে নামতোলা আৰক্ষী থানাত চমজাই দিয়ে।

ইয়াৰে এটা চোৰ আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী বুলি জানিব পৰা গৈছে। দুই চোৰে আজি পুৱা ৰাজুৰ ঘৰৰ পৰা তলা ভাঙি বাইকখন চুৰি কৰি অনা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। সম্প্ৰতি নামতোলা আৰক্ষীয়ে দুই চোৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: