কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ অসমলৈ পূজা চাবলৈ আহিছে বাংলাদেশী!

নগাঁও আৰক্ষীৰ জালত পৰা দুই বাংলাদেশীৰ স্বীকাৰোক্তিৰ পৰা স্পষ্ট হ'ল এই তথ্য।

News18-Assam
Updated:September 29, 2019, 7:45 AM IST
কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ অসমলৈ পূজা চাবলৈ আহিছে বাংলাদেশী!
নগাঁও আৰক্ষীৰ জালত পৰা দুই বাংলাদেশীৰ স্বীকাৰোক্তিৰ পৰা স্পষ্ট হ'ল এই তথ্য।
News18-Assam
Updated: September 29, 2019, 7:45 AM IST
নীলোৎপল বৰা : ভাৰত-বাংলা সীমান্তৰ কাঁইটীয়া বেৰ নিৰ্বিঘ্নে পাৰ হৈ অসমত এতিয়াও অব্যাহত আছে অবৈধ বিদেশীৰ প্ৰব্ৰজন। নগাঁও আৰক্ষীৰ জালত পৰা দুই বাংলাদেশীৰ স্বীকাৰোক্তিৰ পৰা স্পষ্ট হ'ল এই তথ্য। সীমান্তৰ কাটা তাঁৰ পাৰ হৈ অসমৰ হোজাই জিলালৈ দুৰ্গা পূজা চাবলৈ অহা বুলি নগাঁও আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে বাংলাদেশৰ চিলেট জিলাৰ পৰা অহা মহম্মদ গিয়াছউদ্দিন আৰু কামাল আহমেদ নামৰ দুজন বাংলাদেশী নাগৰিকে।

নগাঁৱৰ ইটাচালী নগৰ আৰক্ষীয়ে নিয়মীয়া টহলৰ সময়ত গ্ৰেপ্তাৰ কৰা এই দুয়ো বাংলাদেশী নাগৰিকৰে নাই কোনো পাছপ’ৰ্ট। হোজাই জিলাত থকা আত্মীয়ৰ ঘৰত থাকি পূজা চাবলৈ অহা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়া এই দুই বাংলাদেশীৰ মতে দুৰ্গা পূজাৰ আগমুহূৰ্তত সীমান্তত
বিএছএফৰ জোৱানে টহল কমকৈ দিয়াৰ সুযোগ গ্ৰহণ কৰি আন বহু বাংলাদেশীৰ সৈতে বৃহস্পতিবাৰে নিশা ভাৰতত প্ৰৱেশ কৰিছিল গিয়াছউদ্দিন আৰু কামালে।

আনহাতে ভাৰত-বাংলা সীমান্তত থকা বাংলাদেশৰ ইণ্ডিয়ান বস্তি নামৰ গাঁওখনত অতি সহজতে উপলব্ধ হয় ভাৰতীয় টকা। নগাঁও আৰক্ষীৰ জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি এই দুই বাংলাদেশী নাগৰিকৰ। অৱশ্যে বাংলাদেশী নাগৰিকে পূজা চাবলৈ অহা বুলি দিয়া স্বীকাৰোক্তিক
সহজভাৱে ল'ব পৰা নাই নগাঁও আৰক্ষীয়ে। সেয়েহে এই দুই বাংলাদেশী নাগৰিকৰ কোনো মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি