• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁও ষ্টেচনত দুই বাংলাদেশীক আটক, ধৃত বাংলাদেশীৰ বিস্ফোৰক স্বীকাৰোক্তি

বঙাইগাঁও ষ্টেচনত দুই বাংলাদেশীক আটক, ধৃত বাংলাদেশীৰ বিস্ফোৰক স্বীকাৰোক্তি

আজি পুৱতি নিশা নিউ বঙাইগাঁও ষ্টেচনত পুৰী-কামাখ্যা এক্সপ্ৰেছৰ পৰা আটক হোৱা দুই বাংলাদেশী নাগৰিকৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই তথ্য৷

  • Share this:
মাত্ৰ পাঁচ হাজাৰ টকাৰ বিনিময়ত ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হয় বাংলাদেশীয়ে৷ নিউ বঙাইগাঁও ষ্টেচনত ধৰা পৰা দুই বাংলাদেশী যুৱকৰ ভাষ্যত প্ৰকাশ হৈছে এই চাঞ্চল্যকৰ তথ্য৷ ভাৰতবৰ্ষত অবৈধ বাংলাদেশীৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা ধনৰ বিনিময়ত অসাধু চক্ৰই অনায়াসে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাবলৈ সক্ষম হয় বাংলাদেশী নাগৰিকক৷

আজি পুৱতি নিশা নিউ বঙাইগাঁও ষ্টেচনত পুৰী-কামাখ্যা এক্সপ্ৰেছৰ পৰা আটক হোৱা দুই বাংলাদেশী নাগৰিকৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে এই তথ্য৷ ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে গোপন সূত্ৰৰ পম খেদি ৰে’লখনত অভিযান চলাই অবৈধ অনুপ্ৰৱেশকাৰীদ্বয়ক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে৷ দুয়োকে সংগঠনটোৰ সদস্যসকলে কাণত আঁঠু কঢ়াই ৰাখে৷

ইফালে, ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যসকলে বাংলাদেশী দুজনক নিউ বঙাইগাঁও ষ্টেচনত থকা ৰে’ল সুৰক্ষা বাহিনী আৰু ৰে’ল আৰক্ষীয়ে চমজি ল’বলৈ অস্বীকাৰ কৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত সংগঠনটোৰ এজাহাৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাত লয়৷ ধৃত যুৱকদ্বয় বাংলাদেশৰ খুলনা জিলাৰ সুমন শ্বেখ আৰু আহিজুল শ্বেখ৷
Published by:Sanjay Kumar Das
First published: