মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হোজাই আৰক্ষীৰ জালত ATM চোৰ, মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই গভাইত চোৰক

হোজাই আৰক্ষীৰ জালত ATM চোৰ, মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই গভাইত চোৰক

News18 Assam | News18-Assam
Updated:September 24, 2021, 1:09 PM IST
হোজাই আৰক্ষীৰ জালত ATM চোৰ, মহাৰাষ্ট্ৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে দুই গভাইত চোৰক
ধৃত চোৰ দুটাই হোজাই, উদালি আৰু কাকীত সংঘটিত  হৈ যোৱা ATM চুৰিৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰিছে।

ধৃত চোৰ দুটাই হোজাই, উদালি আৰু কাকীত সংঘটিত  হৈ যোৱা ATM চুৰিৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰিছে।

  • News18 Assam
  • Last Updated: September 24, 2021, 1:09 PM IST
  • Share this:
হোজাইত বিগত সময়ত সংঘটিত হোৱা কেইবাটাও ATM চুৰিত জড়িত থকা দুটা কুখ্যাত ATM চোৰক অৱশেষত মহাৰাষ্ট্ৰৰ পৰা হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।মহাৰাষ্ট্ৰ আৰক্ষীৰ সহায়ত হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত যোৱা হোজাই আৰক্ষীৰ এটা দলে আমদাপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে হোজাইৰ কামৰুল গনি আৰু হাৰিয়ানাৰ বিনোদ কুমাৰ নামৰ কুখ্যাত ATM চোৰ দুটাক।

ধৃত চোৰ দুটাই হোজাই, উদালি আৰু কাকীত সংঘটিত  হৈ যোৱা ATM চুৰিৰ ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰিছে। ইপিনে ধৃত চোৰ দুটাক হোজাই থানাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাব বুলিও আৰক্ষী অধীক্ষকে প্ৰকাশ কৰিছে।
Published by: Sanjay Kumar Das
First published: September 24, 2021, 1:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি