মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পূজা-অৰ্চনা কৰি কাৰ্যালয়ত সোমাল শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৪টা বিভাগৰ মন্ত্ৰী বিমল বড়াই

পূজা-অৰ্চনা কৰি কাৰ্যালয়ত সোমাল শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৪টা বিভাগৰ মন্ত্ৰী বিমল বড়াই

News18 Assam | News18-Assam
Updated:May 17, 2021, 3:58 PM IST
পূজা-অৰ্চনা কৰি কাৰ্যালয়ত সোমাল শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৪টা বিভাগৰ মন্ত্ৰী বিমল বড়াই
সোমবাৰে জনতা ভৱনত নাম-কীৰ্তন, পূজা-অৰ্চনা কৰি দুই কেবিনেট মন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰে, ইয়াৰে এজন  শ্ৰমমন্ত্ৰী সঞ্জয় কৃষাণ আৰু আনজন মন্ত্ৰী বিমল বড়া ৷

সোমবাৰে জনতা ভৱনত নাম-কীৰ্তন, পূজা-অৰ্চনা কৰি দুই কেবিনেট মন্ত্ৰীয়ে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰে, ইয়াৰে এজন  শ্ৰমমন্ত্ৰী সঞ্জয় কৃষাণ আৰু আনজন মন্ত্ৰী বিমল বড়া ৷

  • Share this:

কেবিনেট মন্ত্ৰীৰ চকীত বহিল চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷ জনতা ভৱনৰ ডি ব্ল'কৰ চতুৰ্থ মহলাত নাম-কীৰ্তন কৰি বিমল বড়াই চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ কেবিনেট মন্ত্ৰীৰ চকীত বহাৰ সময়ত ভকত-বৈষ্ণৱে তাল-শংঙ্খ বজাই আশীৰ্বাদ দিয়ে ৷ পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু শক্তি বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব লোৱা বিমল বড়াই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে বিভাগকেইটা আগবঢ়াই নিব আৰু কোভিডৰ সময়ত সকলোকে সহায়–সহযোগ কৰাৰ আশ্বাস দিয়ে ৷


ইপিনে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণে পূজা-অৰ্চনা কৰি জনতা ভৱনৰ E ব্লকৰ প্ৰথম মহলাৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে ২৪ ঘণ্টাই কাম কৰিবলৈ সাজু শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ ৷ শ্ৰমিকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে প্ৰতি জিলাৰ শ্ৰম বিভাগৰ কাৰ্যালয়বোৰ কাৰ্যক্ষম কৰাত গুৰুত্ব দিব বুলি জনালে মন্ত্ৰী সঞ্জয় কিষাণে ৷


আনহাতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰে কাম কৰিব বুলি সদৰী কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে ৷



উল্লেখ্য, অহা ২১ মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব ৷ তিনিদিনীয়াকৈ আৰম্ভ হ'বলগীয়া অধিৱেশনৰ প্ৰথম দিনা প্ৰটেম অধ্যক্ষৰ নিৰ্বাচনৰ পিছতে নৱ নিৰ্বাচিত বিধায়কসকলে শপতগ্ৰহণ কৰিব

Published by: Gautam Barman
First published: May 17, 2021, 3:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি