কেৰালাৰ ৰিয়েলিটী শ্ব’ত অসমৰ যুৱকৰ মালায়লম গীত পৰিৱেশন

কেৰালাৰ জনপ্ৰিয় চেনেলৰ ৰিয়েলিটী শ্ব’ত অংশ লৈ এজন যুৱকে মালায়লম গীত আৰু এজনে বাঁহী বজাই প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

news18assam
Updated:May 11, 2019, 1:26 PM IST
কেৰালাৰ ৰিয়েলিটী শ্ব’ত অসমৰ যুৱকৰ মালায়লম গীত পৰিৱেশন
কেৰালাৰ জনপ্ৰিয় চেনেলৰ ৰিয়েলিটী শ্ব’ত অংশ লৈ এজন যুৱকে মালায়লম গীত আৰু এজনে বাঁহী বজাই প্ৰশংসা বুটলিবলৈ সক্ষম হয়।
news18assam
Updated: May 11, 2019, 1:26 PM IST
বহিঃৰাজ্যত অসমীয়া যুৱকৰ চমক। কেৰালাত কৰ্মৰত অসমৰ দুই যুৱকৰ প্ৰতিভাই মুহিলে কেৰালাবাসীক। কেৰালাৰ জনপ্ৰিয় চেনেলৰ ৰিয়েলিটী শ্ব’ত অংশ লৈ এজন যুৱকে মালায়লম গীত আৰু এজনে বাঁহী বজাই প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

এপি আৰিফ


প্ৰতিভা কেতিয়াও লুকাই নাথাকে। বহিঃৰাজ্য কেৰালাত সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে অসম দুই প্ৰতিভান যুৱকে৷ অসমৰ দুই যুৱকক প্ৰশংসাৰে উপচালে কেৰালাবাসীয়ে৷ শোণিতপুৰৰ এপি আৰিফ আৰু লখিমপুৰৰ বিক্ৰম পাটিৰ নামৰ এই দুই যুৱকে নিজৰ কৰ্ম সংস্থাপনৰ বাবে কেইবছৰমানপূৰ্বে কেৰেলালৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল৷

বিক্ৰম পাটিৰ


শোণিতপুৰৰ ঠেলামৰাৰ এপি আৰিফৰ আছিল মনত প্ৰৱল হেঁপাহ আছিল সংগীতৰ প্ৰতি। কামৰ লগতে নিজৰ সংগীত চৰ্চাও অব্যাহত ৰাখিছিল এই উদ্যমী যুৱকজনে।

কেৰালাত প্ৰায় ৬ বছৰ থকাৰ পিছত মালায়লম ভাষা সুন্দৰকৈ ক’বলৈ সক্ষম হোৱাত আৰিফে মালায়লম সংগীতত চৰ্চা কৰি ইতিমধ্যে মালায়লম ভাষাত বহু কেইটা গীত গায় জনপ্ৰিয়তা লাভ কৰিছে কেৰেলাত৷ বহুকেইটা মালায়লম ভিডিঅ’ এলবামটো কণ্ঠদান কৰিছে যুৱকজনে। এই এলবামসমূহে যথেষ্ট জনপ্ৰিয়ও হৈছে।

এইফালে লখিমপুৰৰ বিক্ৰম পাটিৰেও তেওঁৰ বাঁহীৰ সুৰেৰেই মুহিছে কেৰালাবাসীৰ মন। এই দুই প্ৰতিভাৱান যুৱকক কিছুদিন পূৰ্বে কেৰালাৰ জনপ্ৰিয় ছেটেলাইট চেনেল Mazhavil Manoramaত আয়োজিত ৰিয়েলিটী শ্ব’ত আমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটোত আৰিফে মালয়ালম ভাষাত গীত পৰিৱেশন কৰে আৰু বিক্ৰমেও মালয়ালম সংগীতৰ তালত বাঁহী বজায় অনুষ্ঠানটোত উপস্থিত থকা কেৰালাৰ জনপ্ৰিয় কৌতুক অভিনেতা ফাকৰুকৰ লগতে আন উপস্থিত অতিথিসকলে ভূয়সী প্ৰশংসা কৰে। উল্লেখ্য যে শোণিতপুৰৰ ঠেলামৰাৰ এপি আৰিফ শ্ৰমিক হিচাপে কেৰেলালৈ গৈছিল যদিও তেওঁ মালায়লমত নাৰিকলৰ ব্যৱসায়ী ৰূপেহে কৰ্মৰত। এই কামৰ মাজতে নিজৰ সংগীত চৰ্চাও অব্যাহত ৰাখিছে। আনহাতে বাঁহী বজায় ভালপোৱা বিক্ৰম পাটিৰে কেৰেলাত ৰাজমিস্ত্ৰী ৰূপে কাম কৰি বাঁহী বজোৱাও অব্যাহত ৰাখিছে।


মিছামাৰীৰ পৰা হৰেন ভূমিজৰ প্ৰতিবেদন
আৰু চাওক পৰৱৰ্তী বাতৰি