গঁড়ৰ খড়্গ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুই চোৰাং বেপাৰী

ধৃত দুয়োকে জিম্মাত লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

News18-Assam
Updated:September 5, 2019, 12:10 PM IST
গঁড়ৰ খড়্গ বিক্ৰী কৰিবলৈ আহি জালত পৰিল দুই চোৰাং বেপাৰী
ধৃত দুয়োকে জিম্মাত লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
News18-Assam
Updated: September 5, 2019, 12:10 PM IST
নুমলীগড় আৰক্ষীৰ জালত দুই চোৰাং বেপাৰী। গঁড়ৰ খড়্গ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল চোৰাং বেপাৰী দুটা। ধৃত বেপাৰী দুটা কুৱৰ শ্যাম ওৰফে চুচাংফা আৰু বৰছিং হাঞ্চে। গঁড়ৰ এটা খড়্গসহ এখন মটৰ চাইকেল জব্দ বেপাৰী দুটাৰ পৰা।

খড়্গটো মৰঙী অঞ্চলৰ মণ্টু বুঢ়াগোহাঁই নামৰ এজনে বিক্ৰী কৰিবলৈ দিয়া বুলি স্বীকাৰ কৰিছে দুই বেপাৰীয়ে। ধৃত দুয়োকে জিম্মাত লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বৰ্তমানেও পলাতক হৈ আছে মণ্টু বুঢ়াগোঁহাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি