ধুবুৰীৰ তামাৰহাটত নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত দুজন, জব্দ নকল সোণৰ নাও

News18 Assam | News18-Assam
Updated:January 5, 2021, 1:43 PM IST
ধুবুৰীৰ তামাৰহাটত নকল সোণ বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত দুজন, জব্দ নকল সোণৰ নাও
লোক দুজনৰ পৰা প্ৰায় ১২০০ গ্ৰাম নকল সোণ উদ্ধাৰ কৰে আৰক্ষীয়ে।

লোক দুজনৰ পৰা প্ৰায় ১২০০ গ্ৰাম নকল সোণ উদ্ধাৰ কৰে আৰক্ষীয়ে।

  • Share this:
গাঁও তথা দুৰ্গম অঞ্চলৰ সহজ–সৰল মানুহক চলাহী কথাৰে আঁভুৱা ভাৰি ঠগি আহিছে এচাম দুষ্ট লোকে। তেনে এক ঘটনা সংঘটিত হ’ল তামাৰহাট অঞ্চলত। নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আহি তামাৰহাট থানাৰ আৰক্ষীৰ হাতত আটক হয় উত্তৰ লখিমপুৰৰ দুজনকৈ লোক।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা গাঁৱত তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নুৰুল হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নকল সোণসহ দুজনক আটক কৰে। নকল সোণৰ নাও মধ্যপেটলা গাঁৱত দুজন লোকে বিক্ৰী কৰিবলৈ অহাৰ গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় লোক দুজনক। লোক দুজন উত্তৰ লখিমপুৰ জিলাৰ নাওবৈচা থানাৰ অন্তৰ্গত ২নং বৰছলা গাঁৱৰ আবুল কালাম আৰু একেখন থানাৰ অন্তৰ্গত মহঘুলী (বৰঘোলা) গাঁৱৰ আবু তাহেৰ আলী।

লোক দুজনৰ পৰা প্ৰায় ১২০০ গ্ৰাম নকল সোণ উদ্ধাৰ কৰে আৰক্ষীয়ে। তামাৰহাটৰ মধ্যপেটলা গাঁৱত তিনি লাখ টকাত সোণখিনি বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় লোক দুজন। লোক দুজনৰ পৰা আৰক্ষীয়ে মোবাইল এটা, ৰূপৰ চেইন এডাল, ৰূপৰ আঙঠি দুটা উদ্ধাৰ কৰে।

উল্লেখ্য যে উত্তৰ লখিমপুৰ জিলাৰ নাওবৈচাৰ মহঘুলী বৰঘোলা গাঁৱৰ ৰছিদুল ইছলামে উক্ত নকল সোণৰ নাও বিক্ৰী কৰিবলৈ আবুল কালাম আৰু আবু তাহেৰক তামাৰহাটৰ মধ্যপেটলালৈ পঠাইছিল বুলি আৰক্ষী সূত্ৰত জানিব পৰা গৈছে।

উল্লেখ্য যে এটা দুষ্ট চক্ৰ এনেদৰে গাঁও বা দুৰ্গম অঞ্চলত সহজ–সৰল মানুহক বিভিন্ন চলাহী কথাৰে আঁভুৱা ভাৰি নকল সোণ বিক্ৰী কৰি আহিছে। মাজে–সময়ে আৰক্ষীয়ে অভিযান চলাই দুই চাৰিজনক আটক কৰিছে যদিও চক্ৰটোক নিৰ্মূল কৰিব পৰা নাই। প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে দুষ্ট চক্ৰটোৱে এনেদৰে অপকৰ্ম চলাই থাকিব।
Published by: Sanjay Kumar Das
First published: January 5, 2021, 1:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি