
আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত সন্ধিয়া দংকি গাঁৱৰ জালাল উদ্দিনৰ ঘৰত অভিযান চলাই পাঁচ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে জালাল উদ্দিনক।
আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত সন্ধিয়া দংকি গাঁৱৰ জালাল উদ্দিনৰ ঘৰত অভিযান চলাই পাঁচ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে জালাল উদ্দিনক।
হোজাইত আজি সন্ধিয়া আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা। লগতে গ্ৰেপ্তাৰ কৰা হৈছে দুই সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী দুটা দংকি গাঁৱৰ জালাল উদ্দিন আৰু ১নং ৰে’ল গে’টৰ সমীপৰ ৰামা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। জানিব পৰা মতে, আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত সন্ধিয়া দংকি গাঁৱৰ জালাল উদ্দিনৰ ঘৰত অভিযান চলাই পাঁচ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে জালাল উদ্দিনক।
ইয়াৰ পিছত ধৃত জালাল উদ্দিনৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে পুনৰ ৰামা নামৰ লোকজনৰ ঘৰতো অভিযান চলাই ৰামাকো গ্ৰেপ্তাৰ কৰে। ইপিনে ধৃত জালাল উদ্দিনে প্ৰদান কৰিছে আন এক চাঞ্চল্যকৰ ভাষ্য। ধৃত জালালৰ ভাষ্য মতে, তেওঁ হেনো আছিল আৰক্ষীৰ খবৰীলাল। তেওঁৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে হেনো পূৰ্বতে চলাইছিল কেইটবাটাও ড্ৰাগছৰ ঘাটিত অভিযান। পিছে আজি দিন বেয়া আছিল জালালৰ। ফলত এইবাৰ আৰক্ষীয়ে জালালৰ ঘৰতে অভিযান চলাই গাঞ্জাসহ জালাল উদ্দিনক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|