বিদ্যুতৰ বিলে গ্ৰাহকক জলাকলা খুৱাই থকাৰ মাজতে এইবাৰ বৰপেটাত বিদ্যুতৰ মিটাৰ টেম্পাৰিঙেৰে APDCLক মাধমাৰ শোধোৱাৰ লক্ষ্য একাংশৰ৷ বিদ্যুতৰ ডিজিটেল মিটাৰ টেম্পাৰিং কৰি বৰপেটাত আৰক্ষীৰ জালত পৰিল দুই অভিযুক্ত৷
বিদ্যুতৰ মীটাৰ টেম্পাৰিঙৰ অভিযোগত আৰক্ষীৰ জালত পৰা দুই অভিযুক্ত হৈছে মিৰচান আলী আৰু মকৰম আলী৷ ধবুৰীৰ আইৰনজংলা গাঁৱত ঘৰ দুই অভিযুক্তৰ৷ ধুবুৰীৰ পৰা আহি বৰপেটাত বাহৰ পতা এই দুই অভিযুক্তই বৰপেটাৰ কেইবাটাও উদ্যোগৰ বিদ্যুতৰ মিটাৰ টেম্পাৰিং কৰিছিল ৷
বিদ্যুতৰ মিটাৰ টেম্পাৰিং কৰি গ্ৰাহকজনে যি পৰিমাণৰ বিদ্যুৎ খৰচ কৰে তাতকৈ কম পৰিমাণৰ বিদ্যুতৰ বিল আহে গ্ৰাহকজনৰ৷ ফলত ৰাজহৰ ক্ষেত্ৰত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে APDCL৷
বিদ্যুতৰ বিল কমোৱাৰ বাবে এই দুই অভিযুক্তই বিশেষ কৌশল অৱলম্বন কৰি মিটাৰ টেম্পাৰিঙৰ জৰিয়তে APDCLক মাধমাৰ শোধাই আহিছিল৷ APDCL কৰ্তৃপক্ষই এই চক্ৰটোৰ বিষয়ে জানিব পাৰি বৰপেটা আৰক্ষীৰ সহযোগত অভিযান চলাই মিটাৰ টেম্পাৰিং কৰি থকা অৱস্থাতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ইপিনে বৰপেটাৰ কোন কোন উদ্যোগ আৰু ঘৰুৱা সংযোগ থকা পৰিয়ালে মিটাৰ টেম্পাৰিঙৰ জৰিয়তে বিদ্যুতৰ বিলৰ ধন আত্মসাৎ কৰি আহিছিল সেই বিষয়ে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|