উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ চিকিৎসাধীন দুজন ৰোগীৰ দেহত মঙলবাৰে পোৱা গ’ল Covid-19 পজিটিভ।এতিয়া আতংকত চিকিৎসক মহল,স্বাস্থ্য কৰ্মীৰ লগতে প্ৰতিদিনে বিভিন্ন জিলা তথা ৰাজ্যৰ পৰা চিকিৎসাৰ বাবে অহা হাজাৰ হাজাৰ ৰোগীৰ লগতে ৰোগীৰ আত্মীয়।
সূত্ৰৰ পৰা পোৱা তথ্য মতে, অসম মেডিকেল কলেজৰ মেডিচিন বিভাগৰ ৪নং ব্লকৰ তৃতীয় মহলাত চিকিৎসাধীন হৈ থকা দুজন ৰোগী কোৰোণাত আক্ৰান্ত হোৱা খবৰে সকলোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ৰোগী দুজনৰ এজন শিৱসাগৰ লাকুৱাৰ ৰাজীৱ বৰগোহাঁই আৰু আনজন ডিব্ৰুগড় চাবুৱাৰ গুলবান দাস।ৰাজীৱ বৰগোহাঁই মুম্বাই পৰা আহি মৰাণৰ নৱোদয় স্কুলত কোৱাৰাইন্টাইনত থকাৰ সময়তে ডায়েৰীয়াত আক্ৰান্ত হৈছিল। তেওঁক শুক্ৰবাৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ Isolation ৱাৰ্ডত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছিল।ৰাজীৱ বৰগোহাঁইৰ পূৰ্বতে দুবাৰকৈ স্বাৱ পৰীক্ষা কৰিছিল। প্ৰথমবাৰ Quarantineত থকাৰ সময়ত দ্বিতীয় বাৰ AMCHত। যদিও দুয়োবাৰে নিগেটি ভ অহাত চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ চাৰি নং ৱাৰ্ডলৈ স্থানান্তৰ কৰিছিল।কিন্তু মঙলবাৰে তৃতীয় বাৰ পৰীক্ষা কৰাৰ সময়তে ক'ভিড-19 পজিটিভ আহে।
একেদৰে ডিব্ৰুগড়ৰ চাবুৱাৰ গুলবান দাস চেন্নাই পৰা আহি মৰাণৰ নৱোদয় স্কুলত কোৱাৰাইন্টাইনত আছিল।তেওঁ সামান্য জ্বৰ-পেটবিষত আক্ৰান্ত হোৱাত AMCHলৈ সোমবাৰে চিকিৎসাৰ বাবে আহিছিল।ৰাজীৱ বৰগোহাঞিৰ দৰে গুলবান দাসৰো দুবাৰকৈ স্বাব পৰীক্ষাত ক'ভিড-19 ধৰাপৰা নাছিল। সেইবাবে তেওঁকো মেডিচিন বিভাগৰ চাৰি নং ৱাৰ্ডত ভৰ্তি কৰিছিল।কিন্তু তেওঁৰ আজি তৃতীয় বাৰ পৰীক্ষা কৰাৰ পাছতেই ক'ভিড 19 পজিটিভ আহে।এই ঘটনাৰ পাছতেই AMCHত আতংকৰ সৃষ্টি হৈছে।
আনহাতে মৰান নবোদয় স্কুলৰ কোৱাৰেইন্টাইনতে থকা আjg এজন আৰু লেজাই মডেল হস্পিটেলৰ আইচলেচন ৱাৰ্ডত থকা এজনৰো ক'ভিড 19 পজিটিভ পোৱা গৈছে।ইয়াকে লৈ ডিব্ৰুগড়ত মুঠ ৪০জন ক'ভিড 19ত আক্ৰান্ত হৈছে।ইপিনে অসম চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে বহুতো ৰোগী।আনহাতে কেইবাজনো জ্যেষ্ঠ আৰু কণিষ্ঠ চিকিৎসক সহ নাৰ্চ,কৰ্মচাৰী আদিও ক'ভিড 19 আক্ৰান্ত দুজনৰ সংস্পৰ্শলৈ আহিছে।তেনে ক্ষেত্ৰত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে AMCHত। AMCH কৰ্তৃপক্ষই সমগ্ৰ মেডিচিন ৱাৰ্ডটো কন্টেইনমেণ্ট জ'ন হিচাপে চিহ্নিত কৰিছে।
এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ আনুষ্ঠানিক বিবৃতিৰ অপেক্ষা কৰা হৈছে।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|