এইবাৰ উজনিত উত্থান আদিবাসী টাইগাৰ ফ’ৰ্চৰ। কোৰোণা মহামাৰীৰ আতংকৰ সময়ত হঠাৎ সংগঠন শক্তিশালী কৰাত ব্যস্ত হৈ পৰিছে চাহ জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন আদিবাসী টাইগাৰ ফ’ৰ্চ। বাগানে বাগানে অব্যাহত সাংগঠনিক কাম–কাজ। ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল সশস্ত্ৰ সংগঠনটোৰ দুজনকৈ কেডাৰ। সুশীল ওৰাং আৰু চহৰাই ওৰাং নামৰ দুই কেডাৰৰ পৰা এটা .22 পিষ্টল আৰু সজীৱ গুলীও জব্দ কৰে আৰক্ষীয়ে।
ডিব্ৰুগড় শিয়ালকাটি চাহ বাগিচাৰ পৰা গোপন সূত্ৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে চাবুৱা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই কেডাৰক। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে এক সংবাদ মেলত সংগঠনটোৱে আগন্তুক দিনত বিভিন্ন কূটাঘাতৰ বাবে পৰিকল্পনা কৰাৰ বাবে অহা বুলি জনায়। লগতে শীঘ্ৰে সংগঠনটোৰ অন্যান্য বহুতো জালত পৰিব বুলি সদৰী কৰে।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা, সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়াসহ চাবুৱা আৰক্ষীয়ে শিয়ালকাটি চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী সংগঠনটোৰ কেডাৰ দুজনৰ তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|