বৰপেটাৰ বহৰিৰ শিলাগাঁৱত ১৯ জুলাইত পক্ষী নিধনৰ ঘটনাৰ সৈতে জড়িত দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ বন বিভাগৰ ৷ দীৰ্ঘদিন পলাতক অৱস্থাত থকাৰ পিছত শিলাগাঁৱৰ নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক ৷ বন বিভাগে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে আচমত আলী আৰু মান্নান আলী ৷ ইয়াৰ পূৰ্বে নৱাব আলী নামৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে'ল–হাজোলতৈ প্ৰেৰণ কৰিছিল বন বিভাগে ৷
উল্লেখ্য, ১৯ জুলাইত বহৰিৰ শিলাগাঁৱৰ আচমত আলী, মান্নান আলী আৰু নৱাব আলী নামৰ তিনি অভিযুক্তই চৰায়ে পথাৰৰ কঠীয়াৰ বীজ খাই নষ্ট কৰিব নোৱাৰাকৈ ধানৰ বীজত কীটনাশক দ্ৰব্য মিহলাই নিধন কৰিছিল পক্ষী৷ কীটনাশক বীজ মিহলোৱা ধানৰ বীজ খাই প্ৰায় তিনি শতাধিক পক্ষী নিধন হোৱাৰ পিছতেই বিষয়টোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বন মন্ত্ৰীৰ নিৰ্দেশক্ৰমে ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এম কে যাদৱ শিলাগাঁৱত উপস্থিত হৈ পক্ষী নিধনৰ ঘটনাটো তদন্তৰ দায়িত্ব আৰক্ষীৰ পৰিৱৰ্তে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ACF ৰণজিৎ দত্তক প্ৰদান কৰিছিল ৷
বন বিভাগে পক্ষী নিধনৰ ঘটনাটোৰ তদন্ত কৰি এই ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে দুই অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতেই বন বিভাগে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰু আদালতে দুয়োকে জামিনত মুকলি কৰি দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|