পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেংস্থিত কোভিড কেয়াৰ চেন্টাৰৰ পৰা দুই আচামীয়ে পলায়ন কৰে। এই ঘটনাক লৈ কোভিড কেয়াৰ চেণ্টাৰটোত সৃষ্টি হৈছে চাঞ্চল্যৰ। শনিবাৰে নিশা চেণ্টাৰটোৰ খিৰিকী ভাঙি আচামী দুজনে পলায়ন কৰা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।
ইপিনে পলায়ন কৰা আচামী দুজনৰ নাম হৈছে বৰলংকি টিমুং আৰু জন ইংতি।উল্লেখযোগ্য যে হামৰেণৰ ব্যৱসায়ীক ধন দাবী কৰাৰ গোচৰত ২৮ মে’ত হামৰেণ আৰক্ষীয়ে উমৰাংছ'ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত দুজনক।কিন্তু গ্ৰেপ্তাৰৰ পিছত তেওঁলোকৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰাত ৰখা হৈছিল কোভিড কেয়াৰ চেণ্টাৰত।সম্প্ৰতি আচামীৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে লাভ কৰা নাই কোনো শুংসূত্ৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|