• Home
  • »
  • News
  • »
  • assam
  • »
  • দিখৌমুখৰ সোপাধৰা সন্দেহত গণপ্ৰহাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ, মাৰধৰ কৰিছিল বিহাৰৰ লোকক

দিখৌমুখৰ সোপাধৰা সন্দেহত গণপ্ৰহাৰ কাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ, মাৰধৰ কৰিছিল বিহাৰৰ লোকক

মানসিক ৰোগত আক্ৰান্ত বিহাৰৰ ডৰভংগাৰ সুনীল কুমাৰক ইতিমধ্যে পৰিয়ালৰ হাতত  চমজাই দিছে আৰক্ষীয়ে। 

মানসিক ৰোগত আক্ৰান্ত বিহাৰৰ ডৰভংগাৰ সুনীল কুমাৰক ইতিমধ্যে পৰিয়ালৰ হাতত  চমজাই দিছে আৰক্ষীয়ে। 

মানসিক ৰোগত আক্ৰান্ত বিহাৰৰ ডৰভংগাৰ সুনীল কুমাৰক ইতিমধ্যে পৰিয়ালৰ হাতত  চমজাই দিছে আৰক্ষীয়ে। 

  • Share this:
সোপাধৰাৰ সন্দেহত দিখৌমুখ তেলিয়াডুঙাত  গণপ্ৰহাৰ কাণ্ডত জড়িত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।

গৌৰীসাগৰ আৰক্ষীয়ে যোৱানিশা অমল নেওগ আৰু মানিক টাই নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

অমল নেওগৰ ঘৰ নামদাং শিলৰ সাঁকোত আৰু মাণিক টাইৰ ঘৰ দিখৌমুখ তেলিয়াডুঙাত। যোৱা মঙলবাৰে নিশা সোপাধৰাৰ সন্দেহত সুনীল কুমাৰ নামৰ বিহাৰৰ এজন ব্যক্তিক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল উত্তেজিত লোকে।

আনকি সুনীল কুমাৰক উদ্ধাৰ কৰিবলৈ যোৱা কেইবাগৰাকী আৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰিছিল একাংশই। এই ঘটনাৰে জড়িত অমল নেওগ আৰু মাণিক টাইক ভাৰতীয় দণ্ডবিধিৰ 147/148/149/325/506/353 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে গণপ্ৰহাৰৰ সন্মুখীন গুৰুতৰভাৱে আহত হোৱা সুনীল কুমাৰক সেই দিনাই আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। বৃহস্পতিবাৰে সুনীল কুমাৰৰ প্ৰকৃত ঠিকনা উলিয়াই পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম হয়। মানসিক ৰোগত আক্ৰান্ত বিহাৰৰ ডৰভংগাৰ সুনীল কুমাৰক ইতিমধ্যে পৰিয়ালৰ হাতত  চমজাই দিছে আৰক্ষীয়ে। 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি