সনাতন ডেকাক হত্যা কৰা দুই হত্যাকাৰীক গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:May 25, 2020, 8:46 AM IST
সনাতন ডেকাক হত্যা কৰা দুই হত্যাকাৰীক গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ
আৰক্ষীৰ জালত পৰা অভিযুক্ত।

হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ পিছত হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত ফাইজুল হকৰ লগতে আন এজন হত্যাকাৰীক।

  • Share this:
হাজোৰ মনাহকুছিতসংঘটিত জঘন্য হত্যাকাণ্ডৰ ঘটনাৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ। হাজো আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ফাইজুল হক আৰু ইউচুবউদ্দিন আহমেদক। আন তিনিজন হত্যাকাৰী এতিয়াও পলাতক হৈ আছে। হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ পিছত হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মূল অভিযুক্ত ফাইজুল হকৰ লগতে আন এজন হত্যাকাৰীক।

উল্লেখযোগ্য যে শনিবাৰে সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীজনক সামান্য এটা কথাতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৫জন যুৱকে। ফাইজুল আলী, জলিল আলী, খবিৰ আলী, ইউচুবউদ্দিন আহমেদ আৰু ফিৰজাহান আলীয়ে দিন দুপৰতে হত্যা কৰিছিল লোকজনক।

হাজোৰ  সনাতন ডেকা নামৰ লোকজনে শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত। কিন্তু লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ গৈছিল লোকজনে। সেই সময়তে হাজোৰ মনাহকুছিত এটা সাধাৰণ দুৰ্ঘটনাত সনাতন ডেকাৰ চাইকেলখনে খুন্দা মাৰিছিল জলিল আলী আৰু ফাইজুল হক নামৰ যুৱকজনৰ স্কুটীত। এই ঘটনাৰ পিছতেই ফাইজুল আৰু জলিল জঁপিয়াই পৰিল সনাতন ডেকাৰ ওপৰত।

কেৱল ফাইজুল আৰু জলিলেই নহয়, সনাতন ডেকাক প্ৰহাৰ কৰিবলৈ মাতি আনিলে খবিৰ আলী, ইউচুবউদ্দিন আৰু ফিৰজাহান আলীক। এই ৫জনে লগ লাগি অসহায় লোকজনক কৰিলে উপৰ্যুপৰি প্ৰহাৰ। এই ঘটনাৰ পিছতেই সংকটজনক অৱস্থাত সনাতন ডেকাক GNRC হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও কিছু সময় পিছতেই মৃত্যু হৈছিল লোকজনৰ। বাকীকেইজন হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে হাজো আৰক্ষীয়ে।
First published: May 25, 2020, 8:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading