অৱশেষত সুকলমে ঘৰত উপস্থিত হ'ল তেতেলীয়াৰ অপহৃত দুই শিশু। বিহাৰৰ পৰা আহি নিজা ঘৰত উপস্থিত হয় দুই ভাতৃ। জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাৰ নেতৃত্বত যোৱা দলে ঘৰলৈ আনে শিশু দুটিক।
আজি পুৱাৰ ভাগত শিশু দুটিসহ আৰক্ষীৰ দলটো উপস্থিত হয় গুৱাহাটীত। উল্লেখ্য যে বিগত শুকুৰবাৰে ঘৰৰ পৰা অপহৃত হৈছিল বিবেক কুমাৰ আৰু অজিত কুমাৰ নামৰ দুই শিশু।
খেলি থকা অৱস্থাত সুধীৰ কুমাৰ ওৰফে চাজনে দুই সহযোগীৰ সৈতে অপহৰণ কৰিছিল দুয়োটি শিশুক। ৫ লাখ টকা নিদিলে শিশু দুটিক গুলীয়াই মৰাৰ ভাবুকি দিছিল চাজনে। পৰৱৰ্তী সময়ত বিহাৰৰ বৈশালী জিলাৰ মাহুৱা থানাৰ অন্তৰ্গত এক এলেকাত এৰি গৈছিল শিশু দুটিক।
অৱশ্যে, বৰ্তমানেও অপহৰণকাৰীৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে। বিহাৰ আৰক্ষীৰে যুটীয়াভাৱে অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : March 21, 2023, 19:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।