মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাত মূৰ সংলগ্ন হৈ থকা অৱস্থাত জন্ম পালে যমজ কন্যা সন্তান, সংকটত পৰিয়াল

বৰপেটাত মূৰ সংলগ্ন হৈ থকা অৱস্থাত জন্ম পালে যমজ কন্যা সন্তান, সংকটত পৰিয়াল

এই বিষয়ে জানিব পাৰি আজি বিধায়ক জাকিৰ হুছেইন শিকদাৰ, অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই ঘটনাৰ বুজ লয় ৷

  • Share this:

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা বেতবাৰী গাঁৱত অলপতে জন্মলাভ কৰিছিল যমজ নৱজাতকে। পাকা বেতবাৰী গাঁৱৰ ৰূপচান্দ আলীৰ পত্নী জেছমিনা পাৰবিনে জন্ম দিয়ে যমজ কন্যা সন্তান দুটি। কিন্তু দুৰ্ভাগ্যক্ৰমে যমজ সন্তানদ্বয় মূৰ দুটা সংলগ্ন হৈ থকা অৱস্থাতে ভূমিস্থ হয়। ইয়াকে লৈ সমস্যাত পৰিছে পৰিয়ালটো।

 ২৭ অক্টোবৰৰ মাজনিশা গাঁওখনৰে এগৰাকী চিকিৎসকৰ ঘৰত শিশু দুটা স্বাভাৱিকভাৱে জন্ম হয় ৷ কিন্তু শিশু দুটিৰ মূৰ দুটা সংলগ্ন হৈ থকাক লৈ গভীৰ সংকটত পৰে দুখীয়া পৰিয়ালটো ৷ এই বিষয়ে জানিব পাৰি আজি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা প্ৰসূতিগৰাকীৰ গৃহত উপস্থিত হৈ শিশু আৰু প্ৰসূতি মাতৃগৰাকীৰ অৱস্থাৰ বুজ লয় ৷ 

শিশু দুটাৰ অৱস্থাৰ বুজ লৈ বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই অস্ত্ৰপচাৰৰ জৰিয়তে স্বাভাৱিক জীৱন ঘূৰাই দিয়াৰ বিষয়ে সদৰী কৰে। অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে ৷ দুখীয়া পৰিয়ালটোক এনে সংকটৰ পৰা মুক্ত কৰাৰ বাবে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও ইতিমধ্যে গুৱাহাটী আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকৰ সৈতে টেলিফোনযোগে আলোচনা চলাইছে ৷

বিষয়টো সন্দৰ্ভত দুয়োখন মেডিকেলৰ কৰ্তৃপক্ষই বিশেষজ্ঞ চিকিৎসকৰ সৈতে আলোচনা মৰ্মে পৰৱৰ্তী সময়ত অস্ত্ৰোপচাৰ সম্পৰ্কে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ৷ আনকি এই বিষয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰাব বিধায়কগৰাকীয়ে ৷

শেহতীয়া বাতৰি