• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা দুই যুৱতীক উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা দুই যুৱতীক উদ্ধাৰ, আটক দুই সৰবৰাহকাৰী

সৰবৰাহকাৰীয়ে দুই যুৱতীক কেৰালাৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্ততে আৰপিএফে অভিযান চলাই দুই যুৱতীক উদ্ধাৰ কৰে।

  • Share this:
    মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা দুগৰাকী যুৱতী উদ্ধাৰ। নলবাৰী ষ্টেচনত টহলদাৰী আৰপিএফে অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা দুগৰাকী যুৱতীক উদ্ধাৰ কৰে। লগতে এগৰাকী মানৱ সৰবৰাহকাৰী মহিলা আৰু এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

    উদ্ধাৰ হোৱা দুই যুৱতীৰ ঘৰ দৰং জিলাৰ দলগাঁৱত বুলি জানিব পৰা গৈছে। লগতে ঝাৰখণ্ডৰ পুপাকুৰৰ আচগৰ আনচাৰী আৰু দৰং জিলাৰ বেচিমাৰীৰ এগৰাকী মহিলাক মানৱ সৰবৰাহত জড়িত থকাৰ অভিযোগত আটক কৰে আৰক্ষীয়ে।

    সৰবৰাহকাৰীয়ে দুই যুৱতীক কেৰালাৰ কোম্পানী এটাত কাম দিয়াৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মুহূৰ্ততে গুৱাহাটী-তাম্বুৰাম এক্সপ্ৰেছত আৰপিএফে অভিযান চলাই দুই যুৱতীক উদ্ধাৰ কৰে। পিছত সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক ৰঙিয়াৰ জিআৰপি থানাত চমজাই দিয়ে। উল্লেখ্য যে দৰিদ্ৰতাৰ সুযোগলৈ একাংশ পৰিয়ালৰ কিশোৰী-যুৱতীক মানৱ সৰবৰাহকাৰী চক্ৰই এনেদৰে বহিঃৰাজ্যত বিক্ৰী কৰি অহাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে।

    Assam News Today | News in Assamese | Latest News in Assamese
    Published by:Sanjay Kumar Das
    First published: