• Home
  • »
  • News
  • »
  • assam
  • »
  • স্কুল বন্ধ কৰাক লৈ টুইটাৰত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ, অসমলৈ আহিব কেজৰিৱাল, দিল্লীলৈ আমন্ত্ৰণ জনালে হিমন্ত বিশ্ব শৰ্মাক

স্কুল বন্ধ কৰাক লৈ টুইটাৰত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাকযুদ্ধ, অসমলৈ আহিব কেজৰিৱাল, দিল্লীলৈ আমন্ত্ৰণ জনালে হিমন্ত বিশ্ব শৰ্মাক

 টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন। স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক।’’

টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন। স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক।’’

টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন। স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক।’’

  • Share this:
অসমত দুৰ্বল প্ৰদৰ্শন কৰা বিদ্যালয়সমূহ বন্ধ কৰাক লৈ এতিয়া টুইটাৰত চলিছে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যুঁজ। অসমৰ বেয়া প্ৰদৰ্শন কৰা একাংশ বিদ্যালয় বন্ধ তথা আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণক লৈ ২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইট কৰিছিল। টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয়। আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন। স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক।’’

কেজৰিৱালৰ এই টুইটৰ পিছতে উভতি ধৰিছিল মন্ত্ৰী পীযূষ হাজৰিকাই। কেজৰিৱালৰ টুইটৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযূষ হাজৰিকাই লিখিছিল – ‘‘প্ৰথম কথা, অসমৰ স্কুল বন্ধ কৰা হোৱা নাই, শৈক্ষিক বাতাবৰণ উন্নত কৰাৰ বাবে একত্ৰীকৰণ কৰা হৈছে! দ্বিতীয়তে, অৰবিন্দ কেজৰিৱালৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই।’’ ‘দিল্লী মডেল স্কুল’ক ভুৱা আখ্যাও দিছিল হাজৰিকাই।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ সেই টুইটৰ প্ৰত্যুত্তৰ দিয়ে। ড০ শৰ্মাই টুইটাৰত কেজৰিৱালক প্ৰত্যুত্তৰ দি লিখিছে, ‘‘আপুনি কোনো এটা বিষয়ত হোমৱৰ্ক নোহোৱাকৈ মন্তব্য দিয়ে। শিক্ষা মন্ত্ৰী হিচাপে মোৰ দিনত এতিয়ালৈ অসম চৰকাৰে ৮৬১০খন নতুন স্কুল স্থাপন কৰিছে। যোৱা ৭ বছৰত দিল্লী চৰকাৰে কিমান নতুন বিদ্যালয় আৰম্ভ কৰিছে?’’

এইবাৰ অসম তথা দিল্লীৰ বিদ্যালয়ৰ সন্দৰ্ভত ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা তুলনামূলক টুইটৰ হিন্দীত প্ৰত্যুত্তৰ দিছে অৰবিন্দ কেজৰিৱালে। তেওঁ কয় – “আপুনি বেয়াই পালে, মোৰ উদ্দেশ্যে আপোনাক বেয়াকৈ কোৱা নাছিল, আমি একেখন দেশতে থাকো। আমি এজনে আনজনৰ পৰা শিকিব লাগে। তেতিয়াহে ভাৰত নাম্বাৰ ৱান দেশ হ’ব।’’

কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মালৈ বুলি আৰু লিখিছে, ‘‘মই অসমলৈ যাম, কওক কেতিয়া যাব লাগে? মোক আপুনি শিক্ষাখণ্ডত কৰা ভাল কামবোৰ দেখুৱাব। আপুনি দিল্লীলৈ আহক, মই মোৰ ভাল কামবোৰ দেখুৱাম।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি