শ্বুটিং স্থলীতে ঢলি পৰিল এইগৰাকী অভিনেত্ৰী, পোহৰলৈ আহিছে আশ্বৰ্যজনক খবৰ

News18-Assam
Updated:November 22, 2019, 4:01 PM IST
শ্বুটিং স্থলীতে ঢলি পৰিল এইগৰাকী অভিনেত্ৰী, পোহৰলৈ আহিছে আশ্বৰ্যজনক খবৰ
Source-Google

অভিনেত্ৰী গহনা বশিষ্ঠক বৃহস্পতিবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এতিয়া ICU ত আছে অভিনেত্ৰীগৰাকী

  • Share this:
ৱেৱ চিৰিজ  ‘Gandi Baat’ত অভিনয় কৰা অভিনেত্ৰী গহনা বশিষ্ঠক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। হঠাৎ গুৰুতৰ ভাবে অসুস্থ হৈ শ্বুটিং স্থলীতে ঢলি পৰে অভিনেত্ৰীগৰাকী। উল্লেখযোগ্য যে, ৪৮ ঘণ্টা একেৰাহে শ্বুটিং কৰাৰ কৰাৰ পিছত শ্বুটিং স্থলীতে পৰি যায় অভিনেত্ৰীগৰাকী। পিছত সহ শিল্পীসকলে অভিনেত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই। অভিনেত্ৰীগৰাকী এতিয়া সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে। চিকিৎসকে জনোৱা মতে এতিয়াও সংকটমক্ত নহয় অভিনেত্ৰী গহনা বশিষ্ঠ।

চিকিৎসকে কয় যে, গহনা বশিষ্ঠই ৪৮ ঘণ্টা একেৰাহে শ্বুটিং কৰি আছিল ফলত প্ৰয়োজনীয় ডায়েট ল’ব পৰা নাছিল । অভিনেত্ৰীগৰাকী মধুমেহ ৰোগতো আক্ৰান্ত। গহনাৰ ব্লাড চুগাৰো যথেষ্ট বাঢ়ি আছিল আৰু ব্লাড প্ৰেছাৰ কমি আছিল। ফলত অসুস্থ হৈ মাটিত ঢলি পৰে অভিনেত্ৰীগৰাকী।



আৰু চাওক পৰৱৰ্তী বাতৰি