কে কে ৰূপে পৰিচিত সিদ্ধার্থ শর্মা বর্তমান সুস্থ। শনিবাৰে আবেলি হেল্থ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল শর্মাক।
বৰ্তমানো আই চি ইউতে চিকিত্সাধীন হৈ আছে অভিনেতাগৰাকী। উচ্চ ৰক্তচাপৰ বাবেই ষ্ট্ৰ'ক হৈছিল অভিনেতাগৰাকীৰ।
হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, ইতিমধ্যে চিটি স্কেন সম্পন্ন হৈছে তেওঁৰ। এতিয়া এম আৰ আই ৰিপোৰ্ট অহাৰ বাবে অপেক্ষা কৰিছে চিকিত্সকে।
জানিব পৰা মতে ৰাসৰ বাবে বিগত সময়ছোৱাত কৰ্মক্ষেত্ৰত যথেষ্ট কষ্ট হৈছিল শিল্পীগৰাকীৰ। কিছুদিন হস্পতালতেই কটাব লাগিব সিদ্ধাৰ্থ শৰ্মাই।
ডাক্তৰ শশাংক বৰুৱা আৰু অশোক কায়েলৰ অধীনত সম্প্ৰতি অভিনেতাগৰাকীৰ চিকিৎসা চলি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|