ডিমাছা সাম্ৰাজ্যৰ অন্তিম শাসক সেনাপতি তুলাৰামৰ প্ৰতিমূৰ্তি বিকৃত কৰাৰ অপচেষ্টাক লৈ উদ্যোগ নগৰী উমাৰংছ'ত চেপা উত্তেজনা বিৰাজ কৰিছে। ইতিমধ্যে উমৰাংছ' আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
কিন্তু তুলাৰামৰ প্ৰতিমূৰ্তি বিকৃত কৰা দুৰ্বৃত্তক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। উমৰাংছ' চহৰৰ মাজমজিয়াতে বীৰ তুলাৰামৰ প্ৰতিমূৰ্তিৰ হাতত থকা তৰোৱাল ভাঙি পেলোৱা হৈছে আৰু ইয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে মিশ্ৰ প্ৰতিক্ৰিয়া।
ইতিমধ্যে পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গৰ্লোছাই গোটেই ঘটনাৰ বুজ লোৱাৰ কাৰণে উমৰাংছ'ত উপস্থিত হয়। মূৰ্তি চৌহদ পৰিদৰ্শন কৰি ক্ষোভ প্ৰকাশ কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনত এখন তদন্ত কমিটি গঠনৰ বাবে নিৰ্দেশ দিছে।
ইপিনে উমৰাংছ' থানাত ডিমাছা ছাত্ৰ সন্থাৰ উমৰাংছ' শাখাৰ প্ৰতিনিধি দলে এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখনীয় যে ২০২১ চনৰ ১৫ নৱেম্বৰত পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উমৰাংছ' চহৰৰ মাজমজিয়াত ঘোঁৰাত বহি থকা তুলাৰাম সেনাপতিৰ মাৰ্বল পাথৰৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল। তুলাৰাম সেনাপতি ডিমাছা ৰাজত্বৰ সাহস আৰু ত্যাগৰ প্ৰতীক। গতিকে মূৰ্তিৰ বিকৃতকৰণ সহজে মানি ল’ব পাৰা নাই বৃহত্তৰ ডিমাছা ৰাইজে।
চি ই এম গাৰ্লোছাই স্পষ্ট কৰি দিয়ে যে এনে আচৰণ সহ্য কৰা নহ’ব। তেওঁৰ ভাষ্য অনুসৰি তদন্ত সমিতিৰ প্ৰতিবেদনৰ পিছত এনে অসামাজিক ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ উমৰাংছ' শাখাৰ ফালৰ পৰা উত্তম দাউলাগাজায়েও এনে ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে তুলাৰাম সেনাপতিৰ অসন্মান কেতিয়াও মানি ল'ব নোৱাৰি।
Published by: Gautam Barman
FIRST PUBLISHED : January 21, 2023, 11:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।