মুখ্যপৃষ্ঠা »খবৰ »অসম »১৬ বছৰীয়া প্ৰেম, জীৱনৰ মাজ বাটত বহু প্ৰত্যাহ্বান আৰু তাৰ পিছত বিবাহ! দুৰাৰোগ্য কৰ্কট ৰোগক প্ৰতিহত কৰি কইনাৰ সাজত শিল্পীশিখা...

১৬ বছৰীয়া প্ৰেম, জীৱনৰ মাজ বাটত বহু প্ৰত্যাহ্বান আৰু তাৰ পিছত বিবাহ! দুৰাৰোগ্য কৰ্কট ৰোগক প্ৰতিহত কৰি কইনাৰ সাজত শিল্পীশিখা...

শিল্পীশিখা মানসিক ভাবে কিমান শক্তিশালী, সেয়া হয়টো কথাৰে প্ৰকাশ কৰিব নোৱাৰি। বহুতৰে বাৰে জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে শিল্পীশিখা...

শিল্পীশিখা মানসিক ভাবে কিমান শক্তিশালী, সেয়া হয়টো কথাৰে প্ৰকাশ কৰিব নোৱাৰি। বহুতৰে বাৰে জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে শিল্পীশিখা...

শিল্পীশিখা মানসিক ভাবে কিমান শক্তিশালী, সেয়া হয়টো কথাৰে প্ৰকাশ কৰিব নোৱাৰি। বহুতৰে বাৰে জীয়াই থকাৰ প্ৰেৰণা হ'ব পাৰে শিল্পীশিখা...

  • Share this:
শিল্পীশিখা! ছচিয়েল মিডিয়াত এটা অত্যন্ত চৰ্চিত নাম। পেছাত এগৰাকী টেট শিক্ষয়িত্ৰী। যোৱা ১০ ডিচেম্বৰত হৈ যায় শিল্পীশিখাৰ বিবাহ। ছচিয়েল মিডিয়াত নিজৰ বিয়াৰ খবৰ দিয়াৰ পিছতে সকলোৰে যুগ্ম জীৱনৰ শুভকামনা জনাইছে শিল্পীশিখাক।

শিল্পীশিখাৰ জীৱনটো যেন সঁচাকৈয়ে কিছু জটিল। ২০১৬ চনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজি অৱশেষত ২০২০ চনত শিল্পীৰ সম্পূৰ্ণ হৈছিল ব'নমেৰ' ট্ৰান্সপ্লেণ্টেশ্যন। এই দীঘলীয়া সময়ছোৱাত শিল্পীয়ে বহু প্ৰত্যাহ্বান অতিক্ৰম কৰিবলগীয়া হৈছিল। যোৰহাটৰ যুৱতীগৰাকীৰ এনে কঠিন সময়তো ছাঁটোৰ দৰে আছিল প্ৰেমিক অৱিনাশ বৰুৱা।



প্ৰথমে গুৱাহাটীত চলিছিল শিল্পীশিখাৰ ট্ৰিটমেণ্ট। পিছত স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ ফলত মুম্বাইলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল। সাংসদ বদৰুদ্দিন আজমলে লৈছিল শিল্পীশিখাৰ ট্ৰিটমেণ্টৰ সমস্ত দায়িত্ব। অস্থিমজ্জা সংৰোপণ কৰাৰ পিছত শিল্পীশিখা এতিয়া প্ৰায় সুস্থ।



যোৱা নৱেম্বৰ মাহত অন্ত পৰে শিল্পীৰ কেম'ৰ টেবলেট। আৰু তাৰ পিছতে ডিচেম্বৰৰ ১০ তাৰিখে সুখ দুখৰ লগৰি যোৰহাটৰে অৱিনাশ বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় শিল্পীশিখা।

শিল্পী আৰু অৱিনাশৰ প্ৰেম কাহিনীও আনতকৈ পৃথক। সঁচাকৈ জীৱনৰ এনে জটিল পৰিস্থিতিয়েও দুয়োকে পৃথক কৰিব নোৱাৰিলে। চকুৰ আগৰ সকলো দুখ কষ্ট দুয়ো হেলাৰঙে অতিক্ৰম কৰি আগুৱাই গৈ থাকিল। প্ৰেমিক-প্ৰেমিকাৰ পৰা এতিয়া স্বামী-স্ত্ৰী হোৱা অৱিনাশ আৰু শিল্পীৰ যুগ্ম জীৱনলৈ আমাৰ ফালৰ পৰাও অলেখ শুভকামনা।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি