Timber Seized : বক্সিৰহাটৰ পৰা RJ-14-GJ-5670 নম্বৰৰ ১৪ চকীয়া ট্ৰাকেৰে প্ৰায় ১০০০ ছেপ্তি চোৰাং চেগুন কাঠ কঢ়িয়াই লৈ অহা অৱস্থাত জব্দ কৰে ।
Timber Seized : বক্সিৰহাটৰ পৰা RJ-14-GJ-5670 নম্বৰৰ ১৪ চকীয়া ট্ৰাকেৰে প্ৰায় ১০০০ ছেপ্তি চোৰাং চেগুন কাঠ কঢ়িয়াই লৈ অহা অৱস্থাত জব্দ কৰে ।
নিত্য নতুন কৌশলেৰে চোৰাং কাঠ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষী যিমান কঠোৰ হৈছে সিমান সিয়ান হৈছে চোৰাং কাঠৰ বেপাৰীও। আজি এটা বুদ্ধি কাইলৈ এটা বুদ্ধিৰে চোৰাং কাঠ (Illegal Timber) সৰবৰাহ কৰে কাঠ চোৰে। এইবাৰ কাঠ চোৰৰ বুদ্ধি দেখি চকু কপালত উঠিল আৰক্ষীৰো।
বঙাইগাঁও আৰক্ষী (Bongaigaon Police)ৰ অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰাৰ পিছতে এই ফন্দি পোহৰলৈ আহিছে। ওপৰত ধানৰ পতান আৰু কাঠৰ গুড়িৰ বস্তা ট্ৰাকৰ ওপৰত জাপি দি চোৰাং কাঠ সৰবৰাহৰ চেষ্টা কৰিছিল ৷ বইটামাৰীত আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ বক্সিৰহাটৰ পৰা RJ-14-GJ-5670 নম্বৰৰ ১৪ চকীয়া ট্ৰাকেৰে প্ৰায় ১০০০ ছেপ্তি চোৰাং চেগুন কাঠ কঢ়িয়াই লৈ অহা অৱস্থাত জব্দ কৰে । চোৰাং কাঠখিনি ধানৰ পতান আৰু কাঠৰ গুৰীৰ বস্তাৰে ঢাকি লুকুৱাই অনাৰ সময়তে চোৰাং কাঠখিনি জব্দ কৰে ৷
আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেন্দিমেন জনক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ১৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ বনবিভাগৰ লোকে তদন্ত আৰম্ভ কৰিছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|