চুৰি ট্ৰাকৰ পিছে পিছে আৰক্ষী, চিনেমাৰ কায়দাৰে চলালে অভিযান!

বৰ্ণিহাটৰ পৰা চুৰি হোৱা চাহ ভৰ্তি ট্ৰাক বিচাৰি দেওবাৰে নিশাই ক্ষেত্ৰী আৰক্ষীয়ে চলালে অভিযান

News18-Assam
Updated:August 12, 2019, 6:04 PM IST
চুৰি ট্ৰাকৰ পিছে পিছে আৰক্ষী, চিনেমাৰ কায়দাৰে চলালে অভিযান!
বৰ্ণিহাটৰ পৰা চুৰি হোৱা চাহ ভৰ্তি ট্ৰাক বিচাৰি দেওবাৰে নিশাই ক্ষেত্ৰী আৰক্ষীয়ে চলালে অভিযান
News18-Assam
Updated: August 12, 2019, 6:04 PM IST
ঋত্বিক কৌশিক:  বৰ্ণিহাটৰ পৰা চুৰি হোৱা চাহ ভৰ্তি ট্ৰাক বিচাৰি ক্ষেত্ৰী আৰক্ষীৰ নিশা অভিযান ৷ পলাবলৈ চেষ্টা কৰা চোৰৰ দলক ৰখাবলৈ চলালে দুইজাঁই গুলী ৷ আৰক্ষীৰ গুলীৰ শব্দ শুনি ট্ৰাক আধাতে ৰখাই পলাল চোৰৰ দল ৷

দেওবাৰে নিশা বৰ্ণিহাটত সংঘটিত হয় ট্ৰাক চুৰি কাণ্ড। নিশা ট্ৰাক খন ৰখাই আহাৰ গ্ৰহণ কৰিবলৈ হোটেলত সোমাই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন। সেই সময়তে সংঘটিত হয় চুৰিকাণ্ডতো। পিছত আহাৰ গ্ৰহণৰ অন্তত বাহিৰলৈ উলাই আহি চালকজনে ট্ৰাকখন প্ৰত্যক্ষ নকৰি জিপিএছ যোগে ট্ৰাকৰ অৱস্থিতি ধৰা পেলাই আৰু আৰক্ষীক খবৰ দিয়ে। লগে লগে ক্ষেত্ৰী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিং আৰম্ভ কৰে ৷ আৰক্ষীৰ তালাচী দেখি ট্ৰাক খন U turn কৰি পলাই যায় চোৰৰ দল ৷ পিছত ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই  ট্ৰাকখনক পিছা কৰি ট্ৰাকখন উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষী আুুয়ুক্ত দীপক কুমাৰৰ মতে আৰক্ষীয়ে গুলী চলোৱাৰ বাবেই চোৰৰ দলটো ট্ৰাক খন এৰি পলালে ৷ অন্যথা ট্ৰাক খন ৰখোৱাটো অসম্ভৱ ৷ মেঘালয়ৰ পৰা প্ৰায় ২০ লাখ টকাৰ চাহ লৈ অমৃতসৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল ট্ৰাক হাইজেক ৷ বৰ্তমান ক্ষেত্ৰী আৰক্ষীয়ে চোৰৰ দলটোক বিচাৰি অভিযান চলাইছে যদিও চোৰৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ৷
আৰু চাওক পৰৱৰ্তী বাতৰি