গোৱালপাৰাত দলং ভাঙি পানীত পৰিল টিনভৰ্তি ট্ৰাক

News18 Assam | News18-Assam
Updated:January 5, 2020, 1:47 PM IST
গোৱালপাৰাত দলং ভাঙি পানীত পৰিল টিনভৰ্তি ট্ৰাক
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন।

  • Share this:
গোৱালপাৰাৰ লক্ষীপুৰত দুৰ্ঘটনা। পুৱা প্ৰায় ১০ বজাত লক্ষীপুৰ-জলেশ্বৰ পথৰ ফলিমাৰীত এখন কাঠৰ দলং ভাঙি পানীত পৰিল টিনভৰ্তি দহচকীয়া ট্ৰাক। লক্ষীপুৰ নগৰৰ পৰা জলেশ্বৰ অভিমুখে গৈ থকা WB-33C-7679 নম্বৰৰ ট্ৰাকখন জৰাজীৰ্ণ দলংখন অতিক্ৰম কৰিবলৈ লওতেই সংঘটিত হয় এই দুৰ্ঘটনাটো। অৱশ্যে সৌভাগ্যক্ৰমে দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন।
আৰু চাওক
পৰৱৰ্তী বাতৰি