মহানগৰীত ট্ৰাক চালকক বৰ্বৰভাৱে আক্ৰমণ ২ ব্যৱসায়ীৰ, কাঢ়ি লৈ যায় ১৭ হাজাৰ টকা

ৰাজেশ চৌহান ওৰফে ভোলাক নামৰ এজন ট্ৰাক চালকক কাঠৰ বাটাম আৰু বেলনাৰে ওৰে নিশা প্ৰহাৰ কৰে। বশিষ্ঠৰ কামাখ্যা কাটাৰ সমীপত সংঘটিত হয় এই ঘটনা।

News18-Assam
Updated:July 6, 2019, 2:05 PM IST
মহানগৰীত ট্ৰাক চালকক বৰ্বৰভাৱে আক্ৰমণ ২ ব্যৱসায়ীৰ, কাঢ়ি লৈ যায় ১৭ হাজাৰ টকা
ৰাজেশ চৌহান ওৰফে ভোলাক নামৰ এজন ট্ৰাক চালকক কাঠৰ বাটাম আৰু বেলনাৰে ওৰে নিশা প্ৰহাৰ কৰে। বশিষ্ঠৰ কামাখ্যা কাটাৰ সমীপত সংঘটিত হয় এই ঘটনা।
News18-Assam
Updated: July 6, 2019, 2:05 PM IST
মহানগৰীত পুনৰ বহিৰাগত ব্যৱসায়ীযে ট্ৰাক চালকৰ ওপৰত চলালে বৰ্বৰ আক্ৰমণ। ৰাজেশ চৌহান ওৰফে ভোলাক নামৰ এজন ট্ৰাক চালকক কাঠৰ বাটাম আৰু বেলনাৰে ওৰে নিশা প্ৰহাৰ কৰে। বশিষ্ঠৰ কামাখ্যা কাটাৰ সমীপত সংঘটিত হয় এই ঘটনা। অন্য চালকৰ কথা সুধি বৰ্বৰভাৱে আক্ৰমণ কৰি বিল্ডিঙৰ পৰা পেলাই দিব খোজোতে নিশা পলাই আহি আশ্ৰয় লয় আৰক্ষী থানাত। ট্ৰাকচালকজনক আক্ৰমণ কৰাৰ লগতে ১৭ হাজাৰ টকাও কাঢ়ি লৈ যায়। অভিযুক্ত লোকদুজনৰ নাম হ’ল কিশোৰ কালিয়া আৰু ৰাকেশ চৌহান। ৰাকেশ চৌহানৰ ঘৰ মহাৰাষ্ট্ৰত আৰু আনজনৰ ঘৰ হাৰিয়ানাত। আৰক্ষীয়ে লোকদুজনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি