• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam News Today : শুংসূত্ৰ নাই কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ চালক হেণ্ডিমেনৰ, আজি পুনৰ উদ্ধাৰ অভিযান

Assam News Today : শুংসূত্ৰ নাই কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ চালক হেণ্ডিমেনৰ, আজি পুনৰ উদ্ধাৰ অভিযান

Assam News Today : কলিয়াভোমোৰাত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক-হেণ্ডিমেন দুয়োজন এতিয়াও নিখোজ হৈ আছে ৷ চালকজন হৈছে জামুগুৰিৰ কৃষিপাম গাঁৱৰ ৰাজীৱ বিশ্বকৰ্মা ৷  হেণ্ডিমেনজন হৈছে বিহালীৰ ৰাংচালী গাঁৱৰ ২০ বছৰীয়া অমিত ডনাৰ ওৰফে লুটে ৷

  • Share this:
অৱশেষত কলিয়াভোমোৰা দলঙৰ পৰা লুইতত পৰি সন্ধানহীন হোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ তথ্য উদ্ধাৰ হৈছে যদিও চালক-হেণ্ডিমেনৰ কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে। GPS ৰেকৰ্ডত পোহৰলৈ আহিছে কলিয়াভোমোৰাত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ তথ্য ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখন আছিল এখন দহ চকীয়া ট্ৰাক ৷ ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে NL-01-K-3553 ।

নগালেণ্ডৰ ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদেৱালৈ ট্ৰাকখনত কঢ়িয়াই আনিছিল ১৬ মেট্ৰিকটন লোৰ সামগ্ৰী৷ GPSৰ শেহতীয়া তথ্য অনুসৰি নিশা ১ বাজি ৯ মিনিটত ট্ৰাকখন দুৰ্ঘটনাত পটিত হয় ৷ হয়তো নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰি যায় ট্ৰাকখন ৷

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক-হেণ্ডিমেন দুয়োজন এতিয়াও নিখোজ হৈ আছে ৷ আশংকা কৰা হৈছে দুয়োৰে সলিল সমাধি ঘটিছে ৷ চালকজন হৈছে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত কৃষিপাম গাঁৱৰ পদ্ম বিশ্বকৰ্মাৰ পুত্ৰ ৰাজীৱ বিশ্বকৰ্মা ৷  হেণ্ডিমেনজন হৈছে বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰাংচালী গাঁৱৰ ২০ বছৰীয়া অমিত ডনাৰ ওৰফে লুটে ৷

সোমবাৰে পুৱাৰে পৰা GAMMON কোম্পানীৰ সহযোগত NDRF আৰু SDRFৰ ডুবাৰুৱে আপ্ৰাণ চেষ্টা চলাইও বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল৷
আজি পুনৰ একে স্থানতে অভিযান আৰম্ভ কৰিছে আৰু আজি ভাৰতীয় সেনা বাহিনীৰ ডুবাৰুৱে সহযোগিতা আগবঢ়াব৷

শোণিতপুৰ আৰক্ষীয়ে News18 অসম North Eastক জনাইছে এই তথ্য।
Published by:Manjumoni Borah
First published: