মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মোবাইলত মেছেজ লিখি তিনি তালাক পত্নীক, কণমানি সন্তানক বুকুত বান্ধি ন্যায় বিচাৰিছে দুৰ্ভগীয়া মহিলাই

মোবাইলত মেছেজ লিখি তিনি তালাক পত্নীক, কণমানি সন্তানক বুকুত বান্ধি ন্যায় বিচাৰিছে দুৰ্ভগীয়া মহিলাই

News18 Assam | News18-Assam
Updated:August 20, 2020, 9:07 PM IST
মোবাইলত মেছেজ লিখি তিনি তালাক পত্নীক, কণমানি সন্তানক বুকুত বান্ধি ন্যায় বিচাৰিছে দুৰ্ভগীয়া মহিলাই
উপায়ন্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা তাৰাবান বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায়ৰ বিচাৰি ঘূৰি ফুৰিছে৷

উপায়ন্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা তাৰাবান বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায়ৰ বিচাৰি ঘূৰি ফুৰিছে৷

  • Share this:
সংসদত বিধেয়ক পাছ কৰি মোদী চৰকাৰে  নিষিদ্ধ ঘোষণা কৰিছে তিনি তালাক৷ কিন্তু এই আইন অমান্য কৰিবলৈও কুণ্ঠাবোধ নকৰে একাংশই। শেহতীয়াকৈ বিশ্বনাথৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটী গাঁৱৰ এজন যুৱকে নিজৰ পত্নীক আইন অমান্য কৰি তিনি তালাক দিয়াৰ পিছতে আইনৰ কাষ চাপিবলৈ বাধ্য হৈছে মহিলাগৰাকী৷ আদাভেটীৰ আজিজুৰ ৰহমান নামৰ যুৱকজনে গোৱালতলী গাঁৱৰ তাৰাবান বেগমৰ লগত ডেৰ বছৰ  পূৰ্বে নিকাহত বহিছিল৷ কিন্তু নিকাহৰ পিছৰে পৰা পত্নীৰ ওপৰত চলিছিল অকথ্য নিৰ্যাতন৷

স্বামীয়ে পৰিয়ালৰ লোকৰ সৈতে মিলি তাৰাবানক অত্যাচাৰ চলাবলৈ লোৱাত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে আৰক্ষীৰ সহায়ত ঘৰলৈ ওভাই লৈ আনে তাৰাবান বেগমক৷ চাৰিমহীয়া অন্তঃসত্ত্বা অৱস্থাত পিতৃৰ ঘৰলৈ উভতি অহা পত্নীৰ খবৰ এবাৰো নাৰাখিলে আজিজুৰে৷ পত্নীয়ে ফোন কৰিলেও গুৰুত্ব প্ৰদান নকৰা হ'ল স্বামী আজিজুৰে৷ কিছুদিন পিছত দুয়োৰে জীৱনলৈ এটি পুত্ৰ সন্তান আহিল যদিও সন্তানৰ মুখ নাচালে আজিজুৰে৷ আটাইতকৈ আশ্বৰ্যকৰ বিষয়টো হৈছে মোবাইলত "তালাক" "তালাক" "তালাক" বুলি মেছেজ লিখি সম্পৰ্ক ছেদ কৰাৰ কথাহে আজিজুৰে জনালে পত্নীক৷

অৱশেষত উপায়ন্তৰ হৈ চকুৰ পানীৰে বাট নেদেখা তাৰাবান বেগমে নৱজাতক শিশুটিক কোলাত লৈ ন্যায়ৰ বিচাৰি ঘূৰি ফুৰিছে৷ উল্লেখ্য যে আজিজুৰ ৰহমান হৈছে স্বাস্থ্য বিভাগৰ ১০৮ সেৱাৰ কৰ্মচাৰী আৰু বিশ্বনাথ চাৰিআলিত কৰ্মৰত হৈ আছে তেওঁ৷ আনহাতে, দেশৰ আইন অমান্য কৰি মোবাইলত মেছেজ লিখি তালাক দিয়া আজিজুৰৰ বিৰুদ্ধে পত্নীয়ে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷
Published by: Sanjay Kumar Das
First published: August 20, 2020, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি