পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অতিশয় ঘনিষ্ঠ ৰূপে পৰিচিত মহুৱা মৈত্ৰৰ মন্তব্যই ক্ষোভৰ সৃষ্টি কৰিছে অসমত। তৃণমূল কংগ্ৰেছৰ পশ্চিমবংগৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে কৰা এটা টুইটক কেন্দ্ৰ কৰি অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
তৃণমূলৰ সাংসদ গৰাকীয়ে এক টুইট যোগে Sexual Harassment অৰ্থাৎ যৌন নিৰ্যাতন শব্দৰ পৰিপূৰক হিচাপে Mr. Gogoi অৰ্থাৎ মিষ্টাৰ গগৈ শব্দক টুইটাৰত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।
উল্লেখযোগ্য যে শেহতীয়াকৈ সংসদত অসাংবিধানিক শব্দ (unparliamentary words) ৰূপে স্বীকৃতি দিয়া বহু শব্দৰ মাজত যৌন নিৰ্যাতন শব্দয়ো স্থান পাইছিল। তৃণমূলৰ নেত্ৰীগৰাকীয়ে এই বিষয়ৰ বিৰোধিতা কৰিবলৈ গৈ সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমানসূচক মন্তব্য কৰাৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ জাতীয় সংগঠন।
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই এই সন্দৰ্ভত নিউজ১৮ অসমৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এয়া আমাৰ প্ৰতি চৰম অপমানসূচক মন্তব্য। গগৈ আহোম সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিৰেই এক সন্মানসূচক উপাধি। তৃণমূলৰ নেত্ৰীগৰাকীৰ এই ধৃষ্টতাক কোনো কাৰণতে সহ্য কৰা নহ'ব। আমি অসম চৰকাৰক শীঘ্ৰেই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ।"
উল্লেখযোগ্য যে গগৈ সমগ্ৰ আহোম তথা অসমীয়া জাতিৰ বাবেই এক সন্মানজনক উপাধি। আহোম সমাজত গগৈ উপাধিয়ে আহোম ৰাজবংশৰ এক বিশেষ সন্মানজনক আৰু আদৰসূচক উপাধিক সূচায়। কিন্তু মহুৱা মৈত্ৰৰ ( Mahua Moitra) এই মন্তব্যই তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে অসমত ক্ষোভৰ সৃষ্টি কৰাটো নিশ্চিত।
Published by: Gautam Barman
FIRST PUBLISHED : July 14, 2022, 23:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।