ঢেকিয়াজুলিত বলুকা শিল্পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

News18 Assam | News18-Assam
Updated:November 24, 2020, 5:29 PM IST
ঢেকিয়াজুলিত বলুকা শিল্পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি
বলুকা শিল্পী ৰঞ্জন শইকীয়াসহ তেওঁৰ সহযোগী শিল্পীসকলে ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি বলুকাত অংকন কৰি সশ্ৰদ্ধ প্ৰণিপাত জনায়৷

বলুকা শিল্পী ৰঞ্জন শইকীয়াসহ তেওঁৰ সহযোগী শিল্পীসকলে ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি বলুকাত অংকন কৰি সশ্ৰদ্ধ প্ৰণিপাত জনায়৷

  • Share this:
ৰাজ্যৰে নহয় সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মহাপ্ৰয়াণত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ ৰাজনীতিৰ মহীৰূহ, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিৰ বিদায়ে ৰাজ্যৰ সকলো স্তৰৰ লোককে ম্ৰিয়মান কৰিছে৷ ইয়াৰ মাজতে ঢেকিয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াৰ লগতে তেওঁৰ সহযোগী শিল্পীসকলে নিজৰ বলুকা শিল্পৰ জৰিয়তে প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ শ্ৰদ্ধা নিবেদন কৰিছে৷

বলুকা শিল্পী ৰঞ্জন শইকীয়াসহ তেওঁৰ সহযোগী শিল্পীসকলে ঢেকিয়াজুলিৰ গাভৰু নৈৰ বালিচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি বলুকাত অংকন কৰি সশ্ৰদ্ধ প্ৰণিপাত জনায়৷ কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ সকলোৰে আদৰৰ তথা জনপ্ৰিয় আছিল৷ সেই বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মহাপ্ৰয়াণত বলুকা শিল্পী ৰঞ্জন শইকীয়াই তেওঁৰ শিল্পকৰ্মৰে জনালে শ্ৰদ্ধাঞ্জলি।
Published by: Sanjay Kumar Das
First published: November 24, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি