অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি জাতিৰ সংকট দূৰ কৰিবলৈ প্ৰয়াস কৰা প্ৰণৱ গগৈ আৰু নাই...

News18 Assam | News18-Assam
Updated:February 4, 2020, 9:22 AM IST
অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি জাতিৰ সংকট দূৰ কৰিবলৈ প্ৰয়াস কৰা প্ৰণৱ গগৈ আৰু নাই...
কংগ্ৰেছী হৈও অসম আন্দোলনক তেওঁ সমৰ্থন কৰিছিল। ১৯৬৮ চনৰ পৰা কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল প্ৰণৱ গগৈ।

কংগ্ৰেছী হৈও অসম আন্দোলনক তেওঁ সমৰ্থন কৰিছিল। ১৯৬৮ চনৰ পৰা কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল প্ৰণৱ গগৈ।

  • Share this:
অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰি অসমীয়া জাতিক চিৰদিনলৈ অস্তিত্বৰ সংকটৰ পৰা উদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰা প্ৰাক্তন মন্ত্ৰী তথা শিৱসাগৰৰ বিধায়ক প্ৰণৱ গগৈৰ সোমবাৰে নিশা দেহাৱসান ঘটে। গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত নিশা ১০ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে প্ৰণৱ গগৈয়ে। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, গগৈ চৰকাৰৰ আইন মন্ত্ৰী শিৱসাগৰৰ পৰা চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা প্ৰণৱ গগৈৰ মৃত্যুৰ সময়ত বসয় আছিল ৮৩ বছৰ। ২০১১ৰ পৰা ২০১৬ লৈ বিধানসভাৰ অধ্যক্ষ হৈ থকাৰ সময়ত সকলো দল আৰু জাতীয় সংগঠনক লগত লৈ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ চেষ্টা কৰিছিল প্ৰণৱ গগৈয়ে। কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ দলৰেই একাংশৰ বিৰোধিতাৰ বাবে প্ৰণৱ গগৈৰ প্ৰচেষ্টাই বাস্তৱ ৰূপ নাপালে। ১৯৩৬ চনত ডিব্ৰুগড়ত জন্ম লাভ কৰা প্ৰণৱ গগৈয়ে ২০০১, ২০০৬, ২০১১ আৰু ২০১৬ত শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৬ ৰ পৰা ২০১১ চনলৈ গগৈ চৰকাৰৰ আইন মন্ত্ৰী আছিল প্ৰণৱ গগৈ। প্ৰণৱ গগৈৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, অসম আন্দোলনক সমৰ্থন কৰিছিল প্ৰণৱ গগৈয়ে। কংগ্ৰেছী হৈও অসম আন্দোলনক তেওঁ সমৰ্থন কৰিছিল। ১৯৬৮ চনৰ পৰা কংগ্ৰেছৰ সক্ৰিয় সদস্য আছিল প্ৰণৱ গগৈ। ১৯৭৮ চনত প্ৰথমবাৰ শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল গগৈয়ে।
১৯৭৮, ১৯৯১, ১৯৯৬ চনত চিপিআই এমৰ প্ৰমোদ গগৈৰ হাতত পৰাজিত হৈছিল গগৈ।

নিষ্ঠা আৰু নিৰপেক্ষভাৱে বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল প্ৰণৱ গগৈয়ে।
ৰাজনীতিত সদায় শালীনতা বজাই ৰাখিছিল প্ৰণৱ গগৈয়ে। প্ৰতিদ্বন্দ্বীক কোনোকালেই কটু মন্তব্য কৰা নাছিল গগৈয়ে। অসম বিধানসভা চৌহদলৈ নিয়া হ'ব নশ্বৰ দেহ। ৰাজীৱ ভৱনলৈও নিয়া হ'ব নশ্বৰ দেহ।
আৰু চাওক
পৰৱৰ্তী বাতৰি